নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসক ২ মে’ত দিছপুৰ আৰক্ষী থানাত উপস্থিত হ’বলৈ জাননী

  • যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসক অসম আৰক্ষীৰ জাননী
  • তদন্তৰ বাবে ২ মে’ত অসমলৈ আহিবলৈ জাননী শ্ৰীনিবাসক

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: কংগ্ৰেছৰ সদ্য় বহিষ্কৃত নেত্ৰী অংকিতা দত্তই অনা অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ পৰিপ্ৰেক্ষিতত শ্ৰীনিবাসক অসম আৰক্ষীয়ে জাননী জাৰি কৰিছে। তদন্তৰ বাবে অহা ২ মে’ৰ দিনা দিছপুৰ আৰক্ষী থানাত উপস্থিত হ’বলৈ প্ৰদান কৰা হৈছে এই নিৰ্দেশ।

আজি গুৱাহাটী আৰক্ষীৰ এডিচিপি মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত ৫ জনীয়া এটা দলে কৰ্ণাটকত উপস্থিত হৈ শ্ৰীনিবাসৰ বাসগৃহৰ সন্মুখত এই জাননী আঁৰি দিয়ে।

উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত অংকিতা দত্তই শ্ৰীনিবাসৰ ওপৰত দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল, যাৰ ভিত্তিতে আৰক্ষীয়ে শ্ৰীনিবাসক জেৰাৰ বাবে অসমলৈ অহাৰ জাননী জাৰি কৰিছে।

ইফালে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

You might also like