নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাৱ আৰক্ষীৰ মূৰৰ কামোৰণি কোন এই অমৃতপল সিং ?

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: অমৃতপল সিং সন্ধুৰ জন্ম হৈছিল ১৯৯৩ চনৰ ১৭ জানুৱাৰীত।এজন উগ্ৰ খালিস্তানী বিচ্ছিন্নতাবাদী, আৰু এজন স্বয়ং শিখ ধৰ্ম্মৰ প্ৰচাৰক আছিল বুলি সূত্ৰত প্ৰকাশ।এটা দশক ধৰি ডুবাইত থকাৰ পিছত তেওঁ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পঞ্জাৱলৈ উভতি আহি বিতৰ্কিতভাৱে ৱাৰিছ পঞ্জাব দে (“শূন্যত পাঞ্জাৱৰ উত্তৰাধিকাৰী”)ৰ নেতা হিচাপে নিযুক্তি লাভ কৰে আৰু এনে এক অভিযান আৰম্ভ কৰে যিয়ে যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা বিৰত থাকিবলৈ,আধ্যাত্মিক দৰ্শন ল’বলৈ উৎসাহিত কৰিছিল।শিখ ধৰ্মৰ পৰম্পৰাবাদী ৰূপ, আৰু সাৰ্বভৌম শিখ ৰাষ্ট্ৰ ‘খালিস্তান’ৰ পোষকতা কৰিছিল অমৃতপল সিঙে।চলিত বৰ্ষৰ যোৱা ১০ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰা ফিজিঅ’থেৰাপিষ্ট কিৰণদ্বীপ কৌৰৰ সতে বিবাহ পাশত আবদ্ধ হৈছিল অমৃতপল।অমৃতসৰ জিলাৰ জল্লুপুৰ খেৰাৰ বাসিন্দা হিচাপে ডাঙৰ-দীঘল হৈছিল অমৃতপল সিং।তাৰচেম সিং আৰু বলৱিন্দৰ কৌৰৰ তিনিটা সন্তানৰ ভিতৰত অমৃত আছিল সৰু।তেওঁৰ পৰিয়ালটো শিখ ধৰ্ম্মৰ প্ৰতি আসক্তি বেছি  বুলি কোৱা হয়।তেওঁৰ ককাক হৰজিৎ সিং সন্ধু যুক্তৰাজ্যলৈ যোৱাৰ আগতে ১০ বছৰ ধৰি চৰপঞ্চ (গাওঁবুঢ়া) আছিল।দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত অমৃতপলে ২০০৯ চনত কাপুৰথালাৰ লৰ্ড কৃষ্ণ পলিটেকনিক কলেজত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তি কৰে।আনহাতে অমৃতপলে দাবী কৰা মতে তেওঁ কেতিয়াও কিতাপ পঢ়া নাই।আনহাতে ২০১২ চনত তেওঁ পৰিয়ালৰ পৰিবহণ ব্যৱসায়ত যোগদান কৰিবলৈ ইউ এ ইৰ ডুবাইলৈ গুচি যায়।তেওঁৰ প্ৰফাইলে দাবী কৰে যে তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছে আৰু দাবী কৰা হৈছে যে তেওঁ সন্ধু কাৰ্গো ট্ৰেন্সপ’ৰ্ট নামৰ কোম্পানী এটাৰ ‘অপাৰেচন মেনেজাৰ’ আছিল আৰু তেওঁৰ পৰিবহণ, ট্ৰাকিং আৰু ৰেলৱে উদ্যোগৰ অভিজ্ঞতাও আছে।ইফালে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে তেওঁ প্ৰায় দহ বছৰ ডিচপেচাৰ হিচাপে কাম কৰিছিল।কিছুমান সূত্ৰৰ মতে তেওঁ এজন ট্ৰাক চালক আছিল।কিন্তু শেষৰ দশকটো ডুবাইত থকাৰ বাবে সবিশেষ জানিব পৰা হোৱা নাই।অমৃতপালে প্ৰায়ে ছ’চিয়েল মিডিয়াত পঞ্জাৱ সম্পৰ্কীয় বিষয়ৰ কথা কৈছিল।২০১৯ চনত তেওঁ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰিবলৈ আৰম্ভ কৰে আৰু লগতে দীপ সিদ্ধুৰ সমৰ্থক হৈ পৰে।সিদ্ধুৰ সৈতে জড়িত হোৱাৰ পিছত তেওঁৰ ছ’চিয়েল মিডিয়াৰ প্ৰসাৰ বহুগুণে বৃদ্ধি পায়।প্ৰতিবাদৰ সমৰ্থনত তেওঁ ভাৰত ভ্ৰমণ কৰে।সেই সময়ত তেওঁ মোণ্ডা শিখ (দাড়ি আৰু পাগুৰি নথকা শিখ) আছিল। ইফালে ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই দাবী কৰে যে অমৃতপল সিং সন্ধু আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা আই এচ আইৰ দ্বাৰা সমৰ্থিত আৰু তেওঁ আনন্দপুৰ খালছা ফৌজ (AKF) নামৰ ব্যক্তিগত সশস্ত্ৰ সংগঠন এটা গঢ়ি তোলাৰ সময়ত বহু অস্ত্ৰ-শস্ত্ৰ মজুত কৰি ৰাখিছে।সেয়ে ২০২৩ চনৰ মাৰ্চ মাহত পাঞ্জাৱৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি অমৃতপল সিং সন্ধু আৰু তেওঁৰ সহযোগীসকলৰ ওপৰত তীব্ৰ অভিযান চলাইছিল।

 ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like