ঢকুৱাখনাত প্ৰচণ্ড ধুমুহা-বৰষুণঃ গছ উভালি ভাঙি নিলে ঘৰ দুৱাৰ, ব্যাহত বিদ্যুৎ সংযোগ
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: আজি বিয়লি প্ৰায় ৪ মান বজাত হৰ্ঠাৎ অহা এজাক পচণ্ড ধুমুহা-বৰষুণে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি কৰি থৈ যায়।ধুমুহাই বহুলোকৰ বাৰীৰ বিভিন্ন গছৰ ডালৰ লগতে তামোল,কল গছ আদি ভাঙি চিঙি মহতিয়াই থৈ যায়। ইফালে ধুমুহাত পথৰ কাষৰ গছ উঘালি পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে মৰনৈ বেবেজীয়া -গোগামুখ সংযোগী পথৰ বহু অংশ।ঢকুৱাখনা নগৰৰ দৈনিক মাছ-মাংস বজাৰলৈ যোৱা মুল পথৰ নৰ্মাল স্কুলৰ সমীপতো গছৰ ডাল ভাগি বাগৰি পৰি বিদ্যুতৰ তাঁৰ চিঙি পেলায়।তদুপৰি প্ৰচণ্ড ধুমুহাত বৰ্ষামুখ পঞ্চায়ত,মৰনৈ পঞ্চায়ত আৰু বিলমুখ পঞ্চায়তৰ কুৰিখনৰো অধিক গাৱঁত ক্ষতি কৰে কম-বেছি পৰিমাণে।বিশেষকৈ কাঠগাঁও, ভৰতচুক আদি কৰি বিভিন্ন এলেকাত ধুমুহাই ধ্বংস কৰে কিছুসংখ্যক লোকৰ বাসগৃহ।অন্যহাতে একাংশৰ গৃহৰ চাল,টিনপাত আদি ফালি-চিৰি উৰোৱাই নি দূৰত পেলাইয়ো ক্ষতি কৰে।ইফালে বহু ঠাইত বিদ্যুত সংযোগী তাঁৰ চিগি যোৱাত বিদ্যুত যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। উল্লেখ্য যে ধুমুহাই সোৱণশিৰীৰ বুধবৰীয়া বজাৰৰ বহু গৃহ ধ্বংস কৰি থৈ যায়।তদুপৰি ধুমুহাত বহু ঠাইত বিদ্যুতৰ তাৰ চিঙি খহি পৰাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ঢকুৱাখনাৰ বিভিন্ন এলেকাত।