মাকুম নাহৰণিত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত মৃত্যু ৩০ টাকৈ পক্ষী
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: তিনিচুকীয়া জিলাখনৰ অধিকাংশ অঞ্চলতেই শনিবাৰে নিশা অহা এজাক প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাই বিস্তাৰ ক্ষতিসাধন কৰি যায় ৷ বহুতো লোকৰ বাসগৃহৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ সমান্তৰালভাৱে অতিপাত শিলাবৃষ্টিয়ে নষ্ট কৰি পেলাই বাসগৃহৰ টিনপাত ৷ লগতে প্ৰচণ্ড ধুমুহাই বহুটো গছ ভাঙি পেলোৱাৰ ফলত ঘৰ, গাড়ী ভাঙি পেলোৱাৰ লগতে নষ্ট কৰিছে ৰাজহুৱা সম্পত্তি ৷ তাৰ সমান্তৰালভাৱে পক্ষীকূলৰো ক্ষতি হৈ শিলাবৃষ্টি আৰু ধুমুহাত ৷ তিনিচুকীয়া জিলাৰ মাকুম নাহৰণী গাঁৱৰ নিবাসী বিশ্বজিৎ শইকীয়াৰ বাস গৃহৰ বাৰীত থকা এজোপা আম গছ ভাঙি ঘৰতে পৰাৰ ফলত বাঁহ লোৱা প্ৰায় ৩০ টাকৈ বিৰল প্ৰজাতিৰ হাইঠা কপৌ পক্ষী মৃত্যু হয় আৰু প্ৰায় ২০ টাকৈ পক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, সমান্তৰালভাৱে শইকীয়াৰ বাসগৃহটো সম্পূৰ্ণ নষ্ট হৈ পৰে । ঘৰুৱা পক্ষীৰ দৰে দীৰ্ঘদিনৰ পৰা বিশ্বজিৎ শইকীয়াৰ বাহিৰৰ আম গছত বাহ সাজি থাকিছিল প্ৰায় ৬০-৭০ টাকৈ বিৰল প্ৰজাতিৰ হাইঠা কপৌ চৰায়ে ৷ এতিয়া শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাত আম গছজোপা ভাঙি পৰাৰ লগতে শিলাবৃষ্টিৰ ফলত আঘাতপ্ৰাপ্ত হৈ এনেদৰে মৃত্যু হয় প্ৰায় ৩০ টাকৈ বিৰল প্ৰজাতিৰ পক্ষীৰ ৷ এনদৰে পক্ষীৰ মৃত্যু হোৱাত বিশ্বজিৎ শইকীয়া, শইকীয়াৰ পৰিয়ালৰ লগতে গাঁৱবাসীয়ে দুখ প্ৰকাশ কৰিছে ৷ পৰৱৰ্তী সময়ত শইকীয়াৰ বাসগৃহত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে উপস্থিত হৈ পক্ষীকেইটা নিৰিক্ষণ কৰাৰ লগতে শইকীয়া আৰু শইকীয়াৰ পৰিয়ালৰ লোকৰ স’তে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয় ৷
প্ৰেৰক:-বিবেক বড়া