নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ কোটি টকাত বিক্রী হ’ব স্কটলেণ্ডৰ জনশূন্য দ্বীপ বাৰলোক্কো

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ডেৰ কোটি টকাত বিক্রী হ’ব স্কটলেণ্ডৰ এটা দ্বীপ৷ লণ্ডন আৰু এডিনবৰাৰ পৰা ৫৬০ তথা ১০০ কিলোমিটাৰ দূৰৈৰ এই দ্বীপটোৰ নাম বাৰলোক্কো৷ স্কটলেণ্ডৰ দক্ষিণ উপকূলৰ জনশূন্য এই দ্বীপৰ আয়তন ২৫ একৰ৷ কিন্তু দ্বীপটো প্রাকৃতিক সৌন্দর্যৰে পৰিপূর্ণ৷ এই দ্বীপটো বিক্রীৰ দায়িত্বত আছে এৰন এডকাৰ নামৰ এগৰাকী ব্যক্তি৷ এডগাৰে উল্লেখ কৰিছে যে স্কটলেণ্ডৰ মূল ভূ–খণ্ডৰ পৰা খোজকাঢ়িও দ্বীপটোত উপস্থিত হ’ব পৰা যায়৷ লোকালয়ৰ পৰা কেইবাকিলোমিটাৰ দূৰৈৰ এই শান্ত দ্বীপটোত বিভিন্ন প্রজাতিৰ পক্ষী আৰু বন্যপ্রাণীও আছে৷ দ্বীপটোৰ পৰা আটাইতকৈ কাষৰ চহৰ আৰু ৰে’ল ষ্টেচন আছে ১০ কিলোমিটাৰ দূৰৈত৷ একাকিত্বভৰা জীৱনৰ বাবে এই দ্বীপটো উৎকৃষ্ট৷ নির্জন প্রাকৃতিক সৌন্দর্যৰ মাজত বাস কৰিব বিচাৰিলে ইয়াতকৈ ভাল ঠাই নাই বুলিও এডগাৰে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে দ্বীপটোৰ সৌন্দর্যৰ মূল কাৰণ হৈছে বিভিন্ন প্রজাতিৰ পক্ষী৷ দ্বীপটোৰ চৌপাশে আছে সমুদ্রৰ জলৰাশিৰ সৈতে ৰং–বিৰঙৰ শিলৰ স্তৰ৷ জীৱ বিজ্ঞান সন্দর্ভত গৱেষণা কৰিব বিচৰাসকলৰ বাবে এই দ্বীপটোক সোণৰ খনি সদৃশ বুলি মন্তব্য কৰিছে এডগাৰে৷ ইতিমধ্যে দ্বীপটো ক্রয়ৰ বাবে এগৰাকী ব্যক্তিয়ে যোগাযোগ কৰা বুলি এডগাৰে ঘোষণা কৰিছে৷

You might also like