নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞান-কাৰিকৰী শিক্ষা-চিকিৎসা-গণিতৰ পাঠ্যক্ৰমত সংমিশ্ৰণ ঘটিব ভাৰতীয় ঐতিহ্যৰ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত ইণ্ডিয়ান ন’লেজ ছিষ্টেম (আই কে এছ) পাঠ্যক্রমত অন্তর্ভুক্ত কৰাৰ পাছত এই সন্দর্ভত চূড়ান্ত গাইডলাইন প্রকাশ কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে৷ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক গাইডলাইন কার্যক্ষেত্রত প্রয়োগ কৰিবলৈ ইউজিচিৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷ ইউজিচিৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, এই গাইডলাইনে দেশৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ শিক্ষকৰ আই কে এছৰ ওপৰত ইতিবাচক মনোভাব গঢ়াৰ লগতে তেওঁলোকক মানসম্পন্ন গৱেষণা কৰাৰ ক্ষেত্রত অনুপ্রাণিত কৰিব৷ গাইডলাইনত স্পষ্ট কৰি দিয়া হৈছে যে বিজ্ঞান–গণিত–কাৰি শিক্ষা–চিকিৎসা শাস্ত্র–সমাজ বিজ্ঞানৰ পাঠ্যক্রমৰ সৈতে ভাৰতীয় ঐতিহ্যৰ সংমিশ্রণ ঘটোৱা হ’ব৷ ছাত্র–ছাত্রীসকলক ইয়াৰ ওপৰত পাঠদান কৰাৰ বাবে বাধ্যতামূলক হ’ব শিক্ষকসকলৰ ৰিফ্রেচাৰ ক’ছ৷ গাইডলাইনৰ পাতনিতে এক গুৰুত্বপূর্ণ কথা উল্লেখ কৰা হৈছে৷ কোৱা হৈছে যে ভাৰতীয় শিল্প–সাহিত্য–ঐতিহ্য অতি প্রাচীন৷ কিন্তু এই বিষয়সমূহৰ চর্চা বিগত শতাব্দীত প্রায় বন্ধ হোৱাৰ উপক্রম হৈছে৷ এতিয়া তাৰ চর্চা আৰম্ভ কৰাৰ লক্ষ্যৰেই আধুনিক পাঠ্যক্রমৰ লগত সংমিশ্রণ ঘটাবলৈ বিচৰা হৈছে ভাৰতৰ প্রাচীন ঐতিহ্যক৷ প্রথম বর্ষৰ ছাত্র–ছাত্রীসকলৰ পাঠদান আৰম্ভ কৰাৰ পূর্বে ইনডাকচন প্রগ্রেম আই কে এছভিত্তিক কৰাৰ প্রস্তাৱ ৰখা হৈছে৷ তাৰ বাবে পাঠ্যপুথি, নথি, ভিডি’ আৰু প্রবন্ধ প্রস্তুত কৰাৰ বাবে নির্দেশ দিছে ইউজিচিয়ে৷ শিক্ষা প্রতিষ্ঠানৰ সমান্তৰালভাৱে ছাত্র–ছাত্রীসকলক মন্দিৰ, গুৰুকুল, আয়ুর্বেদিক কেন্দ্র আদি নিশ্চিতভাৱে ভ্রমণ কৰাব লাগিব৷ উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত ইউজিচিয়ে এই গাইডলাইনৰ খচৰা প্রকাশ কৰিছিল৷ খচৰা প্রকাশৰ পাছতে সমগ্র বিষয়টোক লৈ বিতর্কৰ সূত্রপাত ঘটে৷ দেশৰ বহু শিক্ষাবিদে ইয়াৰ বিৰোধিতা কৰি ঐতিহ্যৰ নামত শিক্ষাক পশ্চাদগামী কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ এতিয়া চূড়ান্ত গাইডলাইন প্রকাশৰ লগে লগে পুনৰ বিতর্কৰ সৃষ্টি হৈছে৷ সদৌ ভাৰত ছেভ এডুকেচন কমিটী নামৰ সংগঠনটোৰ সাধাৰণ সম্পাদক তৰুণ কান্তি নস্কৰে ইয়াৰ বিৰোধিতা কৰি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত কয় যে আই কে এছৰ নামত এনেধৰণৰ উদ্ভট বিষয় ইউজিচিয়ে শিকাব বিচাৰিছে, যাৰ আধুনিক শিক্ষাৰ সৈতে কোনোধৰণৰ সংযোগ নাই৷ সংঘ পৰিয়ালে বিজ্ঞানক যি ধৰণে ভাবে, সেই ধৰণেই শিকাব৷ আধুনিক জ্ঞান–বিজ্ঞানৰ যি চর্চা হয়, সেয়া বেদ–পুৰাণৰ যুগতো থকাটো তেওঁলোকে প্রমাণ কৰিব বিচাৰিছে৷ ইউজিচিয়ে প্রকাশ কৰা চূড়ান্ত গাইডলাইন বাতিলৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে৷

You might also like