চামগুৰিত শিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
নিয়মীয়া বাৰ্তা,২৪ এপ্ৰিল : ৰাষ্ট্ৰীয় ঘাইপথত একাংশ গাড়ী চালকে নীতি নিয়ম উলংঘা কৰি গাড়ী চলোৱাৰ ফলত অসমৰ খ্যাতনামা শিল্পী কৃষ্ণমণি চুতীয়াৰ গাড়ী আজি নগাঁও জিলাৰ চামগুৰিত দুৰ্ঘটনাত পতিত হয়। আজি পুৱা ৬-৩০ বজাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশেৰে আহি থকা এখন টেম্প’ৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া নলবাৰীৰ পৰা শিৱসাগৰ ডিমৌলৈ অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে এখন ইন’ভা বাহনেৰে আহি থকা অৱস্থাত চামগুৰি তিনিআলিৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়। শিল্পী গৰাকী এখন চৰকাৰী বাহনেৰে আহি থকা অৱস্থাত এএচ ১২ ই ৬৯৯৯ নম্বৰৰ যাত্ৰীবাহী টেম্প’ ভুল দিশেৰে আহি তেওঁৰ গাড়ী খনত খুন্দা মাৰে। গাড়ী দুখনৰ মুখামুখি সংঘৰ্ষত শিল্পী কৃষ্ণমণি চুতীয়াৰ গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি সন্মুখ ভাগ ক্ষতিগ্ৰস্ত হয়। আনহাতে, টেম্প’ খনো ক্ষতিগ্ৰস্ত হোৱাৰ লগতে চালকসহ চাৰিজন যাত্ৰী আহত হয়। অৱশ্যে শিল্পী কৃষ্ণমণি চুতীয়াসহ তেওঁৰ গাড়ীৰ সহযাত্ৰী সকল আহত হোৱা নাই যদিও চালক জন আহত হয়। পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত পতিত হোৱা দুয়োখন গাড়ী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে।
প্ৰেৰক: প্ৰমোদ কুমাৰ শৰ্মা :চামগুৰি