নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত মৰিগাঁও জিলা আছুৱে কপালে ৰাজপথ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰী,ৰন্ধন গেছ,বিদ্যুৎ মাচুল,টোলগেটৰ কৰ বৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা সদৰত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ নেতৃত্বত প্ৰায় তিনি শতাধিক প্ৰতিবাদ কাৰীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হুচিয়াৰ, অত্যাবশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক,টোলগেটৰ কৰ আৰু বিদুৎৰ মাচুল হ্ৰাস কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লগানেৰে মূল ৰাজপথ উত্তাল কৰি তোলে । আন্দোলনৰ কাৰ্যসূচী নেতৃত্ব লৈ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে অত্যাবশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰন জনতাৰ ওপৰত মাধমাৰ শুধাইছে । বৰ্তমানৰ অসম চৰকাৰ খনে আচনি ঘোষণা কৰাত ব্যস্ত আছে,কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে, বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে যেন সৰ্বকালৰ অভিলেখ ভংগ কৰিছে । কলা বেপাৰী আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰাত ব্যৰ্থ হৈছে বাবেই মূল্যবৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে ইয়াৰ বিপক্ষে পদক্ষেপ গ্ৰহন কৰিব লাগে আৰু দুখীয়া মানুহক সকাহ দিব লাগে ৷ দুখীয়া মানুহে যেনেতেনে দুবেলা দুমুঠি খাই জীয়াই আছিল তাৰ পাছত বিহুৰ বতৰত যি আকাশলংঘী মূল্যবৃদ্ধি হ’ব ধৰিছে দুখীয়া মানুহৰ বাবে জীৱন নিৰ্বাহ কৰাতো অসম্ভবপ্ৰায় হৈ পৰিছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়া বন্ধ কৰি স্কুটী দিয়া আৰম্ভ কৰিছে কিন্তু দিনহাজিৰা কৰা দেউতাক এজনে স্কুটীত ১০২ টকা লিটাৰৰ মূল্য পেট্ৰল ভৰাব নে ঘৰ খনলৈ ২০০টকা লিটাৰৰ মিঠাতেল কিনি আনিব বুলিও অ‍াছু নেতা দ্বয়ে প্ৰশ্ন উত্থাপন কৰে। বৰ্তমান অসম চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিল ৷ কিন্তু তেনে সময়তে যোগান মন্ত্ৰীৰ নিৰ্লিপ্ত ভূমিকাই মন্ত্ৰী জনৰ ব্যৰ্থতা হে যেন উদখাই দিছে ৷ চৰকাৰ আছেনে নাই ৰাইজে ভাবিব বাধ্য হৈছে ৷ উল্লেখযোগ্য যে অনাগত দিনত মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হলে ধাৰাবাহিক ভাবে আন্দোলন কৰি যোৱাৰ হুংকাৰ দিয় জিলা আছু নেতা দ্বয়ে ৷ উক্ত কাৰ্যসূচীত জিলা ছাত্ৰ সন্থা আৰু সদৰ ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববিয়া সকলে অংশগ্ৰহণ কৰে ৷

You might also like