নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মন কী বাত’ৰ শতক খণ্ড : ঐতিহাসিক মাইলৰ খুঁটি

জগত প্রকাশ নাড্ডা
ৰাষ্ট্রীয় সভাপতি, ভাৰতীয় জনতা পার্টী

দেশৰ জনপ্রিয় প্রধানমন্ত্রী নৰেন্দ্র মোদীজীৰ প্রেৰণাদায়ক আৰু পৰিৱর্তনকাৰী অনুষ্ঠান ‘মন কী বাত’ এক ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে, কিয়নো হয়াৰ ১০০টা খণ্ড সম্পূর্ণ হৈছে৷ দেশৰ চুকে–কোণে ‘মন কী বাত’ৰ অনুৰণন হোৱা আৰু দেশৰ জনতাৰ মনটোৱে প্রতিটো শব্দৰ সৈতে সংযোগ স্থাপন কৰা পৰিলক্ষিত হৈছে৷ য’ত ভাৰতবাসীৰ মনৰ কথা কোৱা হয়, তাত প্রেৰণাই এক সুকীয়া স্থান লাভ কৰিছে৷ এয়া ভাৰতৰ কথা, ভাৰতৰ মনৰ কথা৷ এয়া জনসাধাৰণৰ অভিব্যক্তি প্রকাশৰ এখন আচৰিত মঞ্চ ৷ এই অনুষ্ঠানৰ ভাল লগা কথাটো এয়ে যে আজিলৈকে প্রধানমন্ত্রীয়ে কোনো ৰাজনৈতিক কথা কোৱা নাই আৰু এই মঞ্চখন ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ হোৱা নাই৷ দেশ আৰু সমাজখনক কেনেকৈ এটা অনুষ্ঠানৰ মাজেৰে এটা সূত্রত একত্রিত কৰিব পাৰি, হয়াৰ এক উৎকৃষ্ট নিদর্শন হ’ল ‘মন কী বাত’৷

মই ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী, ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ, জ্যোতিবা ফুলে, বাবা চাহেব ভীমৰাও আম্বেদকাৰ আৰু জয়প্রকাশ নাৰায়ণজীৰ বিষয়ে পঢ়িছোঁ, তেওঁলোকৰ বক্তব্য শুনিয়েহ ডাঙৰ হৈছোঁ৷ কিদৰে তেওঁলোকৰ আহ্বান সমাজ পৰিৱর্তনৰ প্রেৰণাত পৰিণত হৈছিল আৰু কিদৰে তেওঁলোকে প্রান্তীয় লোকৰ হৈ মাত মাতিছিল, সেয়া আমি সকলোৱে শিকিছোঁ আৰু অনুভৱ কৰিছোঁ৷ মই সদায় ভাবিছিলোঁ যে আধুনিক ভাৰতত এনে কোনো ব্যক্তিত্বৰ আৱির্ভাৱ হৈছে নেকি, যিজনে কেৱল সমাজক আগুৱাই নিয়াৰ মার্গদর্শন কৰাই নহয়, সমাজক এডাল সূতাৰে বান্ধিবলৈও সক্ষম হৈছে৷ মোদীজীৰ সৈতে দীর্ঘদিন ধৰি মই কাম কৰাৰ সুযোগ পাইছোঁ৷ মই একেবাৰে ওচৰৰ পৰা অনুভৱ কৰিছোঁ যে তেওঁ বহু ব্যক্তিত্বসম্পন্ন ব্যক্তি, যিগৰাকী একাধাৰে সমাজ সংস্কাৰক, শিশুসকলৰ বাবে এগৰাকী অভিভাৱক, শিক্ষক, কঠোৰ প্রশাসক, নির্ণায়ক ব্যক্তিত্ব, এগৰাকী প্রেৰণাদায়ক বিশ্বনেতা, এগৰাকী প্রেৰণাদায়ক বক্তা, এগৰাকী সংবেদনশীল ৰাষ্ট্রনেতা, সাংস্কৃতিক নৱজাগৰণৰ এগৰাকী অগ্রদূত আৰু দেশক বিকাশৰ পথত আগুৱাই নিয়া এগৰাকী মহানায়ক৷ সেইবাবে যেতিয়া তেওঁ ভাৰতৰ ‘মন কী বাত’ কৰে, তেতিয়া প্রতিগৰাকী ব্যক্তিৰ ওপৰত ইয়াৰ সুদূৰপ্রসাৰী আৰু গভীৰ প্রভাৱ পৰে আৰু সকলোতে ইয়াৰ ইতিবাচক প্রভাৱ পৰিলক্ষিত হয়৷ সেয়া লাগিলে খেলৰ কথাই হওক বা খেলনাৰ কথাই হওক, যোগৰ কথাই হওক বা টিকাকৰণৰ কথাই হওক, কাহিনী বর্ণনা কৰাৰ কথাহ হওক বা জল সংৰক্ষণৰ কথাই হওক– ‘মন কী বাত’ জনসাধাৰণৰ জীৱনত বৈপ্লৱিক পৰিৱর্তনৰ কাৰণ হৈ পৰিছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘মন কী বাত’ত সংস্কৃতি, খেল, কলা, পৰীক্ষা, জল সংৰক্ষণ, বন সংৰক্ষণ আৰু নিজৰ জীৱনক বন্তিৰ দৰে প্রজ্বলিত সমাজৰ উন্নতিৰ বাবে পুৰুষার্থ কৰা লোকৰ কথা চর্চা কৰি সাধাৰণ জনতাৰ প্রতি প্রেৰণাৰ বার্তা দিছে৷ তেওঁ প্রাকৃতিক কৃষি, জি–২০, শ্রী অন্ন তথা বাজৰা, নতুন নীতি, মাতৃ সবলীকৰণ, স্বচ্ছতা অভিযান, স্বয়ং সেৱা, ফিট হণ্ডিয়া মুভমেণ্ট, বেটী বচাও বেটী পঢ়াও, খেলো ইণ্ডিয়া, দেশৰ বিভিন্ন মহাপুৰুষ, হৰ ঘৰ তিৰংগা, যুৱক–যুৱতীসকলৰ্ উদ্ভাৱন, ষ্টার্ট আপ, স্বাস্থ্য আৰু প্রতিৰক্ষা খণ্ডত ভাৰতৰ অগ্রণী পদক্ষেপ ইত্যাদিৰ বিষয়ে বিস্তৃত আলোচনা কৰিছে৷ আজি দেশবাসীৰো এনে লাগিছে যে নৰেন্দ্র মোদী হৈছে প্রথমগৰাকী প্রধানমন্ত্রী, যিগৰাকীয়ে জম্মু–কাশ্মীৰৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীলৈ আৰু কচ্ছৰ পৰা আৰম্ভ কৰি পূর্বোত্তৰলৈকে সকলো ঠাইৰ সংস্কৃতিৰ সৈতে চিনাকি কৰাইছে৷ তেওঁ এই অনুষ্ঠানৰ জৰিয়তে আমাক বেলেগ বেলেগ ক্ষেত্রৰ উৎসৱৰ সৈতেও পৰিচয় কৰাইছে৷ আমাৰ প্রধানমন্ত্রীয়ে পৰিৱেশ, জলবায়ু পৰিৱর্তনৰ বিষয়েও আলোচনা কৰে আৰু আমাক সজাগ কৰে৷ তেওঁ ‘মন কী বাত’ত আত্মসহায়ক গোট আৰু মহিলা উদ্যোগীসকলৰ বিষয়ে বহুবাৰ আলোচনা কৰিছে আৰু তেওঁলোকৰ সৈতে কথা পাতিছে, যাৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে তেওঁলোকে কেনেদৰে জটিল পৰিস্থিতিত চৰকাৰৰ আঁচনিৰ সুবিধা লৈ দেশৰ অর্থনৈতিক উত্থানত উল্লেখযোগ্য অৰিহণা যোগাইছে৷

সেয়া লাগিলে হুলশূৰ বাজৰা উৎপাদন কোম্পানীৰ কথাই হওক, শ্রীৰংগপট্টনমত স্বচ্ছতা অভিযানৰ অধীনত প্রাচীন বীৰভদ্র স্বামী শিৱ মন্দিৰৰ যুৱ ব্রিগেডৰ কথাই হওক, কটকৰ চাহ বিক্রেতা ডি প্রকাশ ৰাৱেই হওক, বিহাৰৰ মহিলা উদ্যোগী সাধনা দেৱীয়েই হওক বা মহিলা কৃষকসকলৰ কথাই হওক– আমি সকলোৱে ‘মন কী বাত’ত এনে বহু কাহিনী শুনিছোঁ, যাৰ দ্বাৰা দেশৰ বাকী অংশৰ লোকৰ জীৱনত পৰিৱর্তন আনিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সামাজিক পৰিৱর্তনৰ নেতৃত্ব বহন কৰাৰ বাবে ‘মন কী বাত’ৰ জৰিয়তে এক তন্ত্র স্থাপন কৰাত সফল হৈছে৷ ‘মন কী বাত’–এ ক’ৰোনা টিকাকৰণৰ সময়ত সমাজক একত্রিত কৰি ৰখা আৰু ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ নির্ণায়ক যুঁজত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ তদুপৰি দেশৰ সেহ দুর্গম অঞ্চললৈও এহ বার্তা কঢ়িয়াই লৈ ফুৰিছিল, য’ত হণ্টাৰনেট সংযোগ নাছিল৷ সাধাৰণ জনতাৰ মতামত আৰু পৰামর্শও ‘মন কী বাত’ত লোৱা হৈছে৷ নাগৰিকৰ চিন্তাধাৰা ৰাষ্ট্রৰ বিকাশৰ স্তম্ভ৷ তেওঁলোকৰ পৰামর্শ, চিন্তাধাৰা আৰু ধাৰণাসমূহৰ অংশগ্রহণেই শাসন ব্যৱস্থাৰ মূল৷

‘মন কী বাত’ৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ধাৰাবাহিকভাৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত গভীৰ প্রভাৱ পেলোৱা আৰু উল্লেখযোগ্যভাৱে দেশক গৌৰৱান্বিত কৰা ব্যক্তিৰ বিষয়ে আলোকপাত কৰি আহিছে৷ ‘মন কী বাত’ৰ এই প্রেৰণাদায়ক কাহিনীবোৰে ভাৰতীয়সকলৰ বিশ্বব্যাপী দৃষ্টিভংগীক প্রদর্শন কৰে, যিসকলে নিজৰ নিষ্ঠা, কঠোৰ পৰিশ্রম আৰু উৎকৃষ্টতাৰ বাবে বিশ্বৰ আন দেশতো মূৰ দাঙি থিয় দিছে৷ এহ কাৰণেই ‘মন কী বাত’ কেৱল ভাৰতীয়ৰ মাজতেই নহয়, সমগ্র বিশ্বতে সিঁচৰতি হৈ থকা প্রবাসী ভাৰতীয়ৰ মাজতো জনপ্রিয়৷ ইয়াক ১১টা বিদেশী ভাষাতো শুনিবলৈ পোৱা যায়৷

বিৰোধীয়ে প্রায়ে দেশৰ প্রতিটো ইতিবাচক আৰু সঠিক কথাত ঠাট্টা কৰে যদিও দেশবাসীয়ে সদায় বিৰোধীক সত্যৰ দাপোণ দেখুৱাই আহিছে৷ বিৰোধীয়ে ‘মন কী বাত’ অনুষ্ঠানকো ইতিকিং কৰিছিল যদিও তেওঁলোকে জনা উচিত যে এয়া সমাজৰ কথা, এয়া দেশৰ কথা আৰু দেশৰ জনসাধাৰণৰ কথা৷ ‘মন কী বাত’ক লৈ দেশবাসীৰ মনত কিমান উৎসাহ, সেয়া ইণ্ডিয়ান ইনষ্টিটিডট অৱ মেনেজমেণ্ট, ৰোহটকৰ সমীক্ষাত স্পষ্ট হৈ পৰিছে৷ সমীক্ষাত প্রকাশ পাইছে যে ১০০ কোটিৰো অধিক লোকে ‘মন কী বাত’ শুনিছে আৰু সেয়া শুনাৰ পিছত প্রায় ৬০ শতাংশ লোকে ৰাষ্ট্র নির্মাণত অৰিহণা যোগোৱাৰ সংকল্প লৈছে৷ এই অনুষ্ঠানৰ প্রতিটো খণ্ড একেলগে কমেও ২৩ কোটি লোকে শুনিছে আৰু বিভিন্ন ভাষাতো এই অনুষ্ঠানটো যথেষ্টসংখ্যক লোকে শুনিছে৷ ‘মন কী বাত’–এ ভাৰতীয় জনসাধাৰণৰ মাজত ইতিবাচক প্রভাৱ পেলোৱাৰ লগতে তেওঁলোকৰ মাজত আশাবাদ আৰু আনন্দৰ ভাব জগাই তুলিছে৷

‘মন কী বাত’ৰ আটাহতকৈ ডাঙৰ অৱদান হৈছে যে ই সমাজত ইতিবাচক অনুভূতি বৃদ্ধি কৰিছে৷ আপুনি যেতিয়া ‘মন কী বাত’ শুনে, তেতিয়া এনে লাগে যেন আপোনাৰ কোনো আত্মীয়ই আপোনাৰ লগত আপোনাৰ নিজৰ ভাষাত কথা পাতিছে আৰু আঙুলিত ধৰি আপোনাক আগুৱাই যোৱাৰ পথ দেখুৱাহছে৷ মই আশাবাদী যে অনাগত সময়তো ই সর্বাংগীণ ভাৰতৰ সপোন বাস্তৱায়িত কৰাত এক গুৰুত্বপূর্ণ মাধ্যম হৈ থাকিব৷ আহক, আমি সকলোৱে ‘মন কী বাত’ৰ ১০০সংখ্যক খণ্ড উদ্যাপন কৰোঁ আৰু প্রধানমন্ত্রীয়ে কোৱা কথাখিনি গ্রহণ কৰি আমাৰ জীৱনত অনুসৰণ কৰোঁ আৰু সেহ পথত আগুৱাই যোৱাৰ সংকল্প লওঁ৷

You might also like