নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ বগীবিলত পথ দুৰ্ঘটনাত নিহত দুই

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ ডিব্ৰুগড়ৰ বগীবিলত যোৱা নিশা সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱা বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অধীনৰ বগীবিল আৰক্ষী চকীৰ অন্তৰ্গত বগীবিল দলঙৰ সংযোগী ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা প্ৰায় ১১-৪৫ বজাত আৰ্গ্যা টয়টা এখন বাহনৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন গ্লেমাৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়।ফলত উক্ত বাইক খনৰ দুয়োজন আৰোহীৰ ঘটনাস্থলীতে থিতাতে মৃত্যু হয়।ঘটনাৰ বিবৰণী অনুসৰি বগীবিল ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথৰে এএচ-০৬-এএ-০৯৬৭ নম্বৰৰ এখন গ্লেমাৰ বাইকেৰে বগীবিলৰ পৰা ডিব্ৰুগড় দিশে আহি থকাৰ সময়তে বিপৰীতে দিশৰ পৰা তীব্ৰ বেগেৰে যোৱা এএচ-০১-এফডি-২৫৭৮ নম্বৰৰ আৰ্গ্যা টয়টা গাড়ীখনে, বাইকখনত তীব্ৰ গতিত খুণ্ডা মাৰে।যাৰ ফলত বাইকত অহা ডিব্ৰুগড়ৰ জকাই ২৭ ঘৰীয়া কৈৱৰ্ত গাঁৱৰ মংগল লাল দাস(৪০) আৰু ভৱৰাম দাস(৩৪)ৰ ঘটনাস্থলীতেই মৃত্যু হয়।জানিব পৰামতে মৃত্যুৰ সময়ত মঙ্গল লাল দাসে পত্নী সহ দুই পুত্ৰ আৰু ভৱৰাম দাসে একমাত্ৰ পুত্ৰ কন্যা সহ পত্নী ইহসংসাৰত এৰি থৈ গৈছে।ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত জকাই ২৭ঘৰীয়া বনকৈবৰ্ত গাঁৱৰ এই দুগৰাকী যুৱকৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই টয়টা গাড়ী খন ঘটনা স্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে বগীবিল ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত পথ দুৰ্ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এনে ধৰণৰ পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰে ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু সংশ্লিষ্ট প্ৰশাসনক দাবী জনাইছে।জকাইবাসীয়ে অভিযোগ কৰা মতে ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথ তীব্ৰ বেগেৰে চলোৱা গাড়ী মটৰ নিয়ন্ত্ৰণ কৰা আৰু তীব্ৰ বেগেৰে যোৱা গাড়ীৰ চালকৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই কোনো অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই বিগত প্ৰায় তিনি বছৰ ধৰি এনে পথ দুৰ্ঘটনাত বহু নিৰীহ লোকৰ অকাল মৃত্যু হৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like