বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ আজি দেশবাসীয়ে শুনিলে বহু আকাংক্ষিত মন কী বাতৰ ১০০সংখ্যক খণ্ডটো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ জৰিয়তে দিয়ে বহু বিশেষ বাৰ্তা। দেশবাসী তাৰেই সাক্ষী হৈ ৰল। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা অৰুণাচললৈকে আজি বিশেষ বিশেষভাৱে পালন কৰা হয় এই অনুষ্ঠানটো। অসমতো ইয়াৰ ব্যতিক্ৰম নাছিল। গুৱাহাটীত অসম বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মন কী বাতৰ ১০০সংখ্যক খণ্ড উপভোগ কৰে ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
Next Post
You might also like