নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ বন বিভাগৰ বিৰুদ্ধে কেজুৱেল কর্মচাৰীসকলক প্রতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ১৯৯৩ চনৰ ১ এপ্রিলত নিয়োগ কৰা ১,৩৬১গৰাকী কেজুৱেল কর্মচাৰীক বিগত সময়ছোৱাত বন বিভাগে প্রাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ লগতে শ্রমিক আইন উলংঘা কৰি কর্মচাৰীসকলক বঞ্চিত কৰিছে৷– এই অভিযোগ সদৌ অসম বন বিভাগ কেজুৱেল শ্রমিক ইউনিয়নৰ৷ দেওবাৰে চানমাৰিৰ শিক্ষক ভৱনত অনুষ্ঠিত এখন সভাত ইউনিয়নৰ সভাপতি মণ্টু শর্মাই কয় যে আৰম্ভণিৰে পৰাই বিভাগীয় কর্তৃপক্ষই কেজুৱেল কর্মচাৰীসকলক বঞ্চিত কৰি আহিছে৷ বন বিভাগৰ বিষয়া–কর্মচাৰীসক ব্যক্তিগত কামকে ধৰি কেজুৱেল কর্মচাৰীসকলে অত্যন্ত নিষ্ঠাৰে নিজৰ কর্তব্য পালন কৰি আহিছে যদিও কর্মচাৰীসকলক ন্যায্যপ্রাপ্তিৰ পৰা বঞ্চিত কৰিছে৷ একাংশ বিষয়াৰ পৃষ্ঠপোষকতাত যোৱা সাত জানুৱাৰীত ১,১৩২গৰাকী কেজুৱেল কর্মচাৰীক ‘ফিক্সড পে’ৰ আওতালৈ অনা হয় যদিও বাকীখিনিৰ কাৰণে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ সভাত ইউনিয়নৰ উপদেষ্টা তথা শ্রমিক নেতা বীৰেন শর্মাই অংশগ্রহণ কৰি কয় যে শ্রমিক আইন অনুসৰি বন বিভাগে কেজুৱেল কর্মচাৰীসকলক প্রাপ্য আদায় দিব লাগিব৷ সমান কামৰ বাবে সমান মজুৰি আদায় নিদিলে অনাগত সময়ত সন্থাই জংগী আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলি শর্মাই সভাত উল্লেখ কৰে৷ সভাত চাকৰি নিয়মীয়া কৰাকে ধৰি শ্রমিকসকলৰ ন্যায্যপ্রাপ্তিৰ বাবে বিভাগীয় কর্তৃপক্ষক হেঁচা প্রয়োগ কৰিবলৈ সর্বসন্মতিক্রমে কেইবাটাও প্রস্তাৱ লোৱা হয়৷ আজিৰ সভাত ইউনিয়নৰ শতাধিক সদস্য উপস্থিত থাকে৷

You might also like