নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নখৰাই কেচাশোনা হাইস্কুলত ৰাচেল ইণ্ডিয়া লিমিটেডৰ বিদ্যালয়গৃহ প্ৰদান

নিয়মীয়া বাৰ্তা, ২ মে’: ১৯৯৫ চনত তিনিচুকীয়া নখৰাই চাহ বাগিছাত প্ৰতিষ্ঠা লাভ কৰা নখৰাই কেচাশোনা  হাইস্কুলত ৰাচেল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা আগবঢ়াইছে এক বিশেষ অৱদান ৷ ৰাচেল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে সাত লাখ টকাৰ পুঁজিৰে এটা বিদ্যালয়গৃহ নিৰ্মাণ কৰি সম্পূৰ্ণ আচবাবৰে পূৰ কৰি আজি ৰাচেল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা উপ সভাপতি জিতেন্দ্ৰ সিং চাহালে ফিটা কাটি নৱনিৰ্মীত বিদ্যালয় গৃহটো শুভ উদ্বোধন কৰে ৷ উপসভাপতি জিতেন্দ্ৰ সিং চাহালে বিদ্যালয়ৰ প্ৰাংগনত উপস্থিত হোৱাৰ লগে লগে ঢোলেদগৰে ছাত্ৰছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰীসকলে উষ্ম আদৰণি জনোৱাৰ লগতে এখনি উদ্বোধনী সভাৰো আয়োজন কৰে ৷ সভাখনত শিক্ষাবিভাগৰ বিষয়া ত্ৰিদিৱ তামূলী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক লুহিত চেতিয়া, নখৰাই চাহ বাগিছাৰ সহকাৰী পৰিচালক অজয় উপাধ্যায়ৰ লগতে বিদ্যালয়খনৰ স’তে জৰিত  কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে ৷
বিদ্যালয়খনৰ কাৰণে ৰাচেল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা এটা বিদ্যালয়গৃহৰ লগতে প্ৰয়োজনীয় আচবাবসমূহ প্ৰদান কৰাৰ কাৰণে বিদ্যালয়ৰখনৰ প্ৰধান শিক্ষক লোহিত চেতিয়াই ৰাচেল ইণ্ডিয়া লিমিটেডলৈ ধন্যবাদ জ্ঞাপন কৰিছে ৷ লগতে ইয়াৰ পূৰ্বেও ৰাচেল ইণ্ডিয়া লিমিটেডৰ সামজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে ২০১৫ চনত আন এটা বিদ্যালয়গৃহ নিৰ্মাণ কৰি দিছিল আৰু আহিবলগীয়া দিনসমূহতো বিদ্যালয়খনৰ স’তে সহযোগিতা আগবঢ়াই যাব বুলি জানিব দিয়ে ৷
উল্লেখযোগ্য যে, ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰা নখৰাই কেচাশোনা হাইস্কুলত বৰ্তমান প্ৰায় ৪৫০ গৰাকী ছাত্ৰছাত্ৰী থকাৰ বিপৰীতে শিক্ষক-শিক্ষয়ত্ৰী আছে ১০ গৰাকী ৷ বিদ্যালয়খন অষ্টম শ্ৰেণীলৈকে চৰকাৰীকৰণ হ’ল যদিও হাইস্কুলৰ শ্ৰেণীসমূহ এইপয্যন্ত হোৱা নাই চৰকাৰীকৰণ ৷

প্ৰেৰক:-বিবেক বড়া

You might also like