নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই অভিযুক্তক গ্রেপ্তাৰ কৰাত ব্যর্থ আৰক্ষী এএছআই ঝাক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ গুৱাহাটী ষ্টেচনত যাত্রীৰ পৰা সোণ ডকাইতিত অভিযুক্ত এএছআই শ্রৱণ কুমাৰ ঝাক কালি আৰক্ষীয়ে পুনৰ চাৰি দিনৰ জিম্মাত লয়৷ ১৭ জানুৱাৰীত ব্যৱসায়ী ফৰিদাবাদৰ সুৰেশ কুমাৰ নামৰ যাত্রীগৰাকীৰ পৰা তালাচীৰ নামত এক কেজি সোণ ডকাইতি কৰিছিল এএছআই শ্রৱণ কুমাৰ ঝা আৰু দুই কনিষ্টবল ত্রিলোচন বড়ো আৰু বুবুল হক চৌধুৰীয়ে৷ ভুক্তভোগী যাত্রীগৰাকীৰ এজাহাৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে এএছআই শ্রৱণ কুমাৰ ঝাক গ্রেপ্তাৰ কৰি তিনি দিনৰ জিম্মাত লৈছিল৷ কিন্তু ডকাইতৰূপী আৰক্ষী ঝাই সোণ ডকাইতিত জড়িত থকাৰ কথা স্বীকাৰ কৰা নাই৷ কালি অভিযুক্ত ঝাক কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই পুনৰ চাৰি দিনৰ জিম্মাত লয়৷ ইফালে, সোণ ডকাইতিত জড়িত দুই কনিষ্টবল ত্রিলোচন বড়ো আৰু বুবুল হক চৌধুৰী এতিয়াও পলাতক হৈ আছে৷ এই সোণ ডাকইতিৰ ঘটনা তদন্ত কৰিবলৈ ডিএছপি উৎপল দাসৰ নেতৃত্বত তিনিজনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল৷ কিন্তু এতিয়ালৈকে পলাতক দুই কনিষ্টবলক গ্রেপ্তাৰ কৰাত ব্যর্থ হৈছে তদন্তকাৰী দলটো৷ পলাতক কনিষ্টবল ত্রিলোচন বড়ো পশ্চিমবংগত আত্মগোপন কৰা বুলি জানিব পৰা গৈছে৷ সম্প্রতি অভিযুক্ত এএছআই শ্রৱণ কুমাৰ ঝাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

You might also like