তিতাবৰ-বৰহোলা পথত চলন্ত অৱস্থাতে দাওদাওকৈ জ্বলি উঠিল যাত্ৰীবাহী মেজিক
- কথমপি প্ৰাণ ৰক্ষা কেইবাজনো যাত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২ মে’ : আপুনি দৈনিক মেজিকত অহা-যোৱা কৰে নেকি ? কিন্তু সাৱধান। যিকোনো সময়তে নিমষতে জ্বলি উঠিব পাৰে আপুনি গৈ থকা মেজিকখন। তিতাবৰ ৰজাবাহৰৰ সোণাইকুৰিত আজি সংঘটিত হয় তেনে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তিতাবৰ-বৰহোলা সংযোগী পথত চলন্ত অৱস্থাতে আজি দাওদাওকৈ জ্বলি উঠিল যাত্ৰীবাহী মেজিকখন। মেজিকখনৰ নম্বৰ এ এছ-০৩এচি-৮০৯৫। উল্লেখ্য যে কেইবাগৰাকী যাত্ৰী লৈ মেজিকখন গৈ থকা অৱস্থাতে অকস্মাতে জুই জ্বলি উঠাত যাত্ৰীসকলৰ মাজত হুৱাদোৱা লাগে। যাত্ৰীসকল ততাতৈয়াকৈ গাড়ীৰ পৰা নামি যাবলৈ সক্ষম হয় বাবেই কাৰোৰে বিশেষ ক্ষয়ক্ষতি নহ’ল। যান্ত্ৰিক বিজুতিৰ বাবেই মেজিকখন জ্বলি উঠে বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰাজপথৰ কাষতে দাওদাওকৈ জ্বলি থকা মেজিকখন গাড়ীৰ চালক আৰু স্থানীয় ৰাইজে বাল্টিৰে পানী ছটিয়াই জুই নুমুৱাবলৈ সক্ষম হয়।
অজয় শইকীয়া, বৰহোলা