এবিটিৰ সৈতে জড়িত থকা সন্দেহত ধুবুৰীৰ তিস্তাৰপাৰৰ এজন লোকক আটক
- বিষয়টো সন্দৰ্ভে আনুষ্ঠানিক ভাৱে, এতিয়ালৈ একো জনোৱা নাই ধুবুৰী আৰক্ষী
নিয়মীয়া বাৰ্তা, ২ মে’: ধুবুৰী আৰক্ষীয়ে নিষিদ্ধ ঘোষিত বাংলাদেশী জেহাদী গোষ্ঠী আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে বিষয়টো সন্দৰ্ভে ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে বৰ্তমানলৈ আনুষ্ঠানিক ভাৱে একো সদৰি কৰা নাই। জানিব পৰা মতে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ তিস্তাৰ পাৰ তৃতীয় খণ্ডৰ বাসিন্দা ধৃত নজৰুল ইছলাম নামৰ সেই ব্যক্তিগৰাকীক শোধপোচ চলাই আছে আৰক্ষীয়ে। স্মৰ্তব্য যে, বিগত ২৪ এপ্ৰিলৰ পুৱতি নিশাৰ এক অভিযানত ধুবুৰীৰ তিনিটাকৈ ভিন্ন ভিন্ন স্থানৰ পৰা এবিটিৰ মডিউল সৈতে জড়িত তিনিগৰাকী ব্যাক্তিক কৰায়ত্ব কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা ধুবুৰী চহৰৰ পাৰ্শ্ববৰ্তী বগুলামাৰীৰ ছফিকুল ইছলাম (২৫), সস্তাৰঘাট দ্বিতীয় খণ্ডৰ মোজাহিদুল মণ্ডল (২১) আৰু টাকীমাৰীৰ বাদশা শেখৰ সৈতে ৰাজ্যত পূৰ্বে কৰায়ত্ত হোৱা এবিটি সদস্যৰ সৈতে ধৃত তিনিওৰে ধনৰ লেনদেন চলাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। উল্লেখনীয় যে, এবিটিৰ সৈতে সম্পৰ্ক আছে বিশ্বৰ কুখ্যাত জেহাদী গোষ্ঠী “আল কায়দা”ৰ শাখা “আল কায়দা ইন ইণ্ডিয়ান চাবকন্টিনেন্ট”ৰ সৈতেও।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী