নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত প্ৰচণ্ড শিলাবৃষ্টিঃবিস্তৰ ক্ষতিসাধন; বিদ্যুৎ,সংযোগ বিচিন্ন!

 

নিয়মীয়া বাৰ্তা,২মেঃ আজি সন্ধ্যা প্ৰায় ৫:৩০ বজাত অহা এজাক বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিয়ে ডিব্ৰুগড় চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্ত্তী অঞ্চলত ব্যাপক ধ্বংস লীলা চলায়।ঘন্টাত প্ৰায় ৮০ কি:মি: বেগত অহা ধুমুহাত চহৰখনৰ পথৰ কাষৰ বহু গছ উভালি পৰাত বিদ্যুৎ সংযোগ ব্যাহত হয়।কেৱল সিমানেই নহয়,প্ৰকাণ্ড প্ৰকাণ্ড গছ,গছৰ ডাল পথৰ ওপৰতে পৰি ৰোৱাত ঘন্টা,ঘন্টা ধৰি যাতায়ত ব্যাহত হোৱাৰ লগতে ব্যাপক যানজঁটৰ স্বৃষ্টি হয়।চহৰখনৰ চৌকিডিঙী,কনভয় ৰড,মানকটা পথ,পল্টন বজাৰ,শান্তিপাৰাৰ লগতে বিভিন্ন স্থানত প্ৰচণ্ড বৰষুন আৰু শিলাবৃষ্টিৰ ফলত যথেষ্ট ক্ষতি হয়।চহৰখনৰ চৌকিডিঙ্গিস্থিত কনভয় ৰোডত প্ৰকাণ্ড গছ ভাঙি পথত ৰাখি থোৱা পাঁচখনৰো অধিক বাইক আৰু স্কুটি ক্ষতিসাধন হৈছে বুলিও জানিব পৰা গৈছে।আনহাতেদি খনিকৰ,বৰবৰুৱা আদিতো ব্যাপক ক্ষতিসাধনৰ বাতৰি পোৱা গৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like