নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচিৰ টেষ্ট ৰেংকিঙৰ শীর্ষত ভাৰত

নিয়মীয়া বাৰ্তা, ৩ মে’: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূর্বে সুখবৰ লাভ কৰিলে ভাৰতীয় টেষ্ট দলে৷ অষ্ট্রেলিয়াক অতিক্রম কৰি আই চি চিৰ টেষ্ট ৰেংকিঙতো শীর্ষস্থানত উপনীত হয় টীম ইণ্ডিয়া৷ এই মুহূর্তত আই চি চিৰ টি–২০ আৰু টেষ্ট এই দুয়োটা সংস্কৰণতে বিশ্বৰ এক নম্বৰ দল ভাৰত৷ এদিনীয়াৰ ক্রম তালিকাত ভাৰতৰ স্থান তৃতীয়৷ মে’ মাহৰ আৰম্ভণিতেই বার্ষিক টেষ্ট ৰেংকিং প্রকাশ কৰিছে আই চি চিয়ে৷ সেই ক্রম তালিকাত অষ্ট্রেলিয়াক আঁতৰাই শীর্ষস্থানলৈ উন্নীত হৈছে ভাৰত৷ ইয়াৰ পূর্বে একেৰাহে ১৫ মাহ অষ্ট্রেলিয়া আছিল টেষ্ট ৰেংকিঙৰ শীর্ষস্থানত৷ এপ্রিল মাহৰ শেষ পর্যন্ত অষ্ট্রেলিয়াৰ ৰেটিং পইণ্ট আছিল ১২১৷ আনহাতে, ভাৰতৰ পইণ্ট আছিল ১১৯৷ কিন্তু নতুন বার্ষিক ৰেংকিঙত অষ্ট্রেলিয়াৰ ৰেটিং পইণ্ট ১১৬লৈ হ্রাস পোৱাৰ বিপৰীতে ভাৰতৰ ৰেটিং পইণ্ট ১২১লৈ বৃদ্ধি পায়৷ আচলতে বার্ষিক ৰেংকিঙৰ ক্ষেত্রত ২০২০ৰ মে’ৰ পৰা ২০২২ৰ মে’ পর্যন্ত যিবোৰ ছিৰিজ খেলা হৈছে সেইবোৰক ৰেটিং পইণ্টৰ ভিতৰত অর্ধেক হিচাপে ধৰা হৈছে৷ সেইবাবেই নিশাৰ ভিতৰতে ভাৰতৰ স্থান ১ নম্বৰলৈ উন্নীত হৈছে৷ সেই তালিকাত ইংলেণ্ডে তিনি নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে চতুর্থ আৰু পঞ্চম স্থানত আছে ক্রমে দক্ষিণ আফ্রিকা আৰু নিউজিলেণ্ড৷ উল্লেখযোগ্য যে অহা ৭ জুনৰ পৰা অ’ভেলত আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল৷ মেচখনত ভাৰতৰ বিপক্ষে অৱতীর্ণ হ’ব অষ্ট্রেলিয়া৷

You might also like