৫ বছৰত বিশ্বজুৰি চাকৰি হেৰুৱাব ৮.৪০ কোটিয়ে
নিয়মীয়া বাৰ্তা, ৩ মে’: ক’ভিড অতিমাৰীৰ সময়ৰ পৰাই আৰম্ভ হৈছে অনিশ্চয়তা৷ আগন্তুক ৫ বছৰত ভাৰতসহ বিশ্বৰ চাকৰিৰ বজাৰত চলিব অস্থিৰ পৰিস্থিতি৷ নতুন চাকৰিৰ তুলনাত অপসাৰণ বা ছাটাই হ’ব যথেষ্ট বেছি৷ বিশ্ব অর্থনৈতিক ফ’ৰাম (ডব্লিউইএফ)ৰ শেহতীয়া প্রতিবেদনত এনে পূর্বাভাস দিয়া হৈছে৷ ‘ফিউচাৰ অৱ জবছ’ শীর্ষক এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে আগন্তুক ২০২৭ চনলৈকে বিশ্বত চাকৰি হেৰুৱাবলগীয়া হ’ব পাৰে ৮ কোটি ৩০ লাখ লোকে৷ আনফালে, এই সময়সীমাৰ ভিতৰত ৬ কোটি ৯০ লাখ নতুন চাকৰিৰ সুযোগ সৃষ্টি হ’ব পাৰে৷ মুঠ ৮০৩টা ক’পৰেট সংস্থাৰ ওপৰত বিশ্লেষণ চলাই এই প্রতিবেদন প্রকাশ কৰিছে ডব্লিউ ই এফে৷ বিশ্বজুৰি চাকৰিৰ বজাৰত আগন্তুক পাঁচ বছৰৰ অশ্চিয়তাৰ পূর্বাভাস দাঙি ধৰিছে সংস্থাটোৱে৷ উল্লেখ কৰা হৈছে যে চাকৰি হেৰুওৱা আৰু নতুনকৈ চাকৰি পোৱাৰ সংখ্যাই সামগ্রিকভাৱে চাকৰিৰ বজাৰত গৈ ২৩ শতাংশ হ’ব পাৰে৷ এই সময়সীমাৰ ভিতৰত বিশ্বত ১০.২ শতাংশ নতুন চাকৰিৰ সুযোগ সৃষ্টি হ’ব যদিও ছাটাই হ’ব ১২.৩ শতাংশ কর্মী৷ ইফালে, আগন্তুক পাঁচ বছৰত ভাৰতত ছাটাই হোৱা আৰু চাকৰি পোৱা লোকৰ সংখ্যা হ’ব চাকৰিৰ বজাৰত প্রায় ২২ শতাংশ৷ লক্ষণীয় যে কৃত্রিম বুদ্ধিমত্তা বা এ আই প্রয়োগৰ ফলত আগন্তুক ৫ বছৰত বিশ্বত প্রায় ১ কোটি ৪০ লাখ মানুহে চাকৰি হেৰুৱাব বুলিও সংস্থাটোৱে সতর্কবাণী কৰিছে৷