দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
- আজি হাইলাকান্দি আৰু কৰিমগঞ্জত জলসম্পদ বিভাগৰ কাম পৰিদৰ্শন মন্ত্ৰী হাজৰীকাৰ
- কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ জলসম্পদ মন্ত্ৰীগৰাকীৰ
নিয়মীয়া বাৰ্তা, ৩ মে’: দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি প্ৰথম দিনা হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ কামৰ প্ৰত্যক্ষ বুজ লয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বক্ৰিহাওৰ অঞ্চলত বৰাক নদীৰ বাওঁকাষে প্ৰায় ১৫.৩ কোটি টকা ব্যয়েৰে ‘ৰাজ্যৰ অধীনৰ অগ্ৰাধিকাৰভিত্তিক উন্নয়ন’ (SOPD-G) ৰ অধীনত নিৰ্মীয়মান বান নিয়ন্ত্ৰণ তথা মথাউৰি নিৰ্মাণ আঁচনি আৰু নদীয়ে ছিঙা অংশৰ পুনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় । ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি অঞ্চলটোত এনেদৰে মথাউৰি নিৰ্মাণ কৰিবলৈ পাই সন্তোষ্টি লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত পাছত মন্তব্য কৰে । আনহাতে কামৰ ক্ষেতত কাৰোৰে সৈতে আপোচ নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।
হাইলাকান্দিৰ পৰা মন্ত্ৰী হাজৰীকাই কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিত উপস্থিত হৈ ফণীৰবন্দৰ পৰা দুৰ্লভপুৰৰ মাজত শিংলা নদীৰ পাৰৰ মথাউৰিত নিৰ্মীয়মান লোকনিৰ্মাণ বিভাগৰ পথৰ কামৰ অগ্ৰগতিৰ বুজ লয় । ৰাতাবাৰী সমষ্টিৰে নিভিয়া বজাৰৰ কাষত শিংলা নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত প্ৰায় ২.৫ কোটি টকা ব্যয়েৰে চলি থকা প্ৰকল্পৰ কামৰ অগ্ৰগতি বুজ লয় মন্ত্ৰী হাজৰীকাই । পৰিদৰ্শনৰ সময়ত স্থানীয় ৰাইজে খহনীয়া প্ৰতিৰোধী কামত নিজৰ সন্তোষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।
পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত তাপাদাৰপাৰা অঞ্চলত লুংগাই নদীৰ খহনীয়া পৰিদৰ্শন কৰে । অঞ্চলটোত বিগত এটা বৰ্ষৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বান আৰু খহনীয়াত আক্ৰান্ত অঞ্চলটোৰ বুজ লয় আৰু অঞ্চলটোত এই বৰ্ষতে খহনীয়া ৰোধৰ স্থায়ী কাম হাতত লোৱা হ’ব বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে বিগত বৰ্ষৰ বানপানীৰ পৰৱৰ্তী সময়ত জিলা দুখন ভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে বান নিয়ন্ত্ৰণৰ প্ৰয়াস হিচাপে কেইবাস্থানতো বহুকেইটা কাম হাতত লোৱা হ’ব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল । আজি পুনৰ জিলা দুখন ভ্ৰমণ কৰোতে প্ৰতিশ্ৰুতি দিয়া অনুসৰি এই কামসমূহ পুৰাদ্যমে চলি থকা দেখা পাই মন্ত্ৰীগৰাকীয়ে নিজৰ সন্তোষ্টি প্ৰকাশ কৰে । আনহাতে মন্ত্ৰীগৰাকীয়ে আজি জিলা দুখন ভ্ৰমণ কৰি থকা সময়ত স্থানীয় ৰাইজেও জলসম্পদ বিভাগৰ কামত সন্তোষ্ট হৈ মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।
জলসম্পদ মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শন কালচোৱাত সাংসদ কৃপানাথ মাল্লা, বিধায়কসকল ক্ৰমে কৌশিক ৰায়, বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল আৰু নিজাম উদ্দিন চৌধুৰীৰ লগতে জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাসকলে সংগ দিয়ে ।
Our PWD team has already taken steps to convert an embankment located on the banks of the river Shingla into a pucca road between Phanirbanda & the Durlabhpur area in Karimganj district. I visited this road today & reviewed the progress of the construction work. I have also… pic.twitter.com/ekRRFFzo6k
— Pijush Hazarika (@Pijush_hazarika) May 3, 2023