নামৰূপৰ সুৰধ্বনি সংগীত কাননৰ সফলতা
নিয়মীয়া বাৰ্তা, ৪ মে’: শাস্ত্ৰীয় আৰু সুগম সংগীত চৰ্চাৰ অন্যতম কেন্দ্ৰ নামৰূপৰ সুৰধ্বনি সংগীত কাননে সদ্যঘোষিত ২০২২-২৩ বৰ্ষৰ ভাটখাণ্ডে বিদ্যাপীঠ, লক্ষ্ণৌৰ কণ্ঠ সংগীত(গায়ন) বিষয়ত অৱতীৰ্ণ হৈ ১০০% উত্তীৰ্ণ হাৰ লৈ সফলতা অৰ্জন কৰিছে ৷ নামৰূপ সংগীত মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলোৱে ভাল ফলাফল প্ৰদৰ্শন কৰাৰ লগতে বিশাৰদ প্ৰথম বৰ্ষত অৱতীৰ্ণ হোৱা ৪ গৰাকী ছাত্ৰীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিছে ৷ সুৰধ্বনি সংগীত কাননৰ অধ্যক্ষা প্ৰিয়ংকা শইকীয়াই এই ক্ষেত্ৰত নামৰূপ সংগীত মহাবিদ্যালয়ৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ছাত্ৰছাত্ৰী সকলক অভিনন্দন আৰু অভিভাৱক সকলক ছাত্ৰছাত্ৰী সকলক শাস্ত্ৰীয় সংগীত শিকনৰ প্ৰতি ধাউতি বঢ়োৱাৰ আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷