নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি পৌৰসভাৰ উদ্যোগত ‘সম্পত্তি কৰ’ৰ ওপৰত ৰাজহুৱা সভা

  • খচৰা প্ৰকাশ; জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান

 

নিয়মীয়া বাৰ্তা, ৫ মে’: ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে মৰিয়নি পৌৰসভাই নগৰবাসীৰ সম্পত্তিৰ ওপৰত ‘কৰ লগোৱা’ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । নগৰবাসীক সম্পত্তিৰ কৰৰ নামত আন এক মাধমাৰ দিবলৈ সাজু হৈছে মৰিয়নি পৌৰসভা । এই সন্দৰ্ভত মৰিয়নি পৌৰসভাই এক ৰাজহুৱা সভা আহ্বান কৰি ৰাইজক অৱগত কৰাৰ প্ৰয়াস কৰে যদিও সভাখনত মুষ্টিমেয় কেইজনমান লোকহে উপস্থিত থাকে । এই ৰাজহুৱা সভাৰ যোগেদিয়েই জনসাধাৰণক সম্পত্তিৰ ওপৰত দিবলগীয়া ‘কৰ’ৰ সম্পৰ্কে পৌৰসভাই অৱগত কৰে । মৰিয়নি পৌৰসভাৰ অস্থায়ী সভাকক্ষত অনুষ্ঠিত সভাখনত পৌৰোহিত্য কৰে মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই । পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই আদৰণি বক্তব্য প্ৰদান কৰি সম্পত্তি কৰৰ ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনায় । সকলো ৰাইজৰে তেওঁ সহযোগিতা কামনা কৰে । সভাখনৰ আঁ‌ত ধৰি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া ডাঃ বিশ্বজিত বৰাই কয়- মৰিয়নি নগৰত প্ৰথমবাৰৰ বাবে এনে ‘কৰ’ লগাবলৈ যাওঁ‌তে যথেষ্ট সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে । যিসকল লোকক জিঅ’ টেগ আৰু জৰীপ কৰিবৰ বাবে নিয়োগ কৰা হৈছিল তেওঁলোকে ১০০ শতাংশ জৰীপ সম্পূৰ্ণ কৰা নাই । তেওঁ লগতে কয়- এইটো এটা স্বাভাৱিক আৰু ধাৰাবাহিক প্ৰক্ৰিয়া হ’ব । যদি কাৰোবাৰ নাম বাদ পৰি গৈছে তেন্তে তেওঁ কৰ্য্যালয়ত আহি নিজাববীয়াকৈ জৰীপৰ কাম কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে । অসম চৰকাৰৰ পৌৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিবৰ নিৰ্দেশ মৰ্মেই এই ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছে আৰু সমগ্ৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰাবৰ বাবেই এই সভাৰ আহ্বান কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে । আনহাতে, সম্পত্তি কৰ বিষয়ৰ দায়িত্বত থকা সদস্য সচিব তথা মৰিয়নি পৌৰসভাৰ উপ-পৌৰপতি প্ৰদীপ দাসে কয় মৰিয়নি নগৰৰ ৬ টা পথক প্ৰিন্সিপাল ৰোড আৰু ৯ টা পথক মেইন ৰোড হিচাপে চিনাক্তকৰণ কৰা হৈছে । ব্যাণিজ্যিক এলেকাৰ ওপৰত ভিত্তি কৰি মৰিয়নি নগৰৰ পথসমূহক প্ৰিন্সিপাল ৰোড, মেইন ৰোড আৰু আডাৰ্ছ ৰোড হিচাপে চিনাক্ত কৰা হৈছে । সেই অনুসৰি থানা তিনি আলিৰ পৰা কাটনিবাৰী, থানা তিনি আলিৰ পৰা মৰিয়নি মহাবিদ্যালয়, থানা তিনি আলিৰ পৰা কঠালগুৰি দলং, এন এছ টি তিনি আলিৰ পৰা হোনোৱাল বাগান পুল, ষ্টেচন ৰোড তিনি আলিৰ পৰা ৰে’লৱে ষ্টেচন আৰু কেনেডী পাৰ্ক পথত যোৰহাট-মৰিয়নি পথৰ সংযোগস্থলৰ পৰা মাছ বজাৰলৈকে প্ৰিন্সিপাল ৰোড হিচাপে চিহ্নিত কৰিছে । আনহাতে, কেনেডী পাৰ্ক পথৰ মাছ বজাৰৰ পৰা দুশ মিটাৰ দূৰত্বলৈকে, উষা কোম্পানীৰ কাষৰ পথটো যোৰহাট মৰিয়নি পথৰ পৰা দুশ মিটাৰ লৈকে, ৰে’লৱে গেটৰ পৰা এ ডি ই এন কাৰ্য্যালয় আৰু ৰে’লৱে গেটৰ পৰা এ ডি ই এন বাংল’ লৈকে অৰ্থাৎ দুয়োদিশে, বাপুজী ষ্টেডিয়াম ৰোডৰ সমগ্ৰ পথছোৱাৰ দুয়োদিশে অৰ্থাৎ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈকে আৰু ষ্টেডিয়ামৰ দ্বিতীয় প্ৰৱেশদ্বাৰ থকা পথছোৱা, উদয়পুৰ পথত থানা তিনি আলিৰ পৰা সাধু কুটীৰ লৈকে, যোৰহাট মৰিয়নি ৰে’লৱে লেভেল ক্ৰছিঙৰ পৰা মন ইন্টাৰনেছনেল স্কুললৈকে, অমিয় কুমাৰ দাস পথত যোৰহাট মৰিয়নি পথৰ পৰা গেছ এজেন্সিলৈকে মেইন ৰোড হিচাপে ঘোষনা কৰিছে । বাকী সকলো পথ সাধাৰণ পথ হিচাপে থাকিব । এই সম্পৰ্কত সদস্য সচিবজনে কয় – সাধাৰণ পথৰ কাষত থকা বাসিন্দাসকলৰ সম্পত্তিৰ কৰ যথেষ্ট কম হোৱাৰ বিপৰীতে মেইন ৰোডত ইয়াৰ পৰিমান বৃদ্ধি পাব । আনহাতে, প্ৰিন্সিপাল ৰোডৰ কাষত বসবাস কৰা লোকসকলৰ সম্পত্তিৰ কৰ সৰ্বাধিক হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে । এই সম্পৰ্কত আগষ্ট মাহতেই জাননী দিয়া হৈছিল কিন্তু কোনো আপত্তি পোৱা নগ’ল । তেওঁ লগতে কয়- নগৰবাসীক কৰৰ বোজাৰ পৰা সকাহ দিবৰ বাবে তেওঁলোকে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে । নগৰবাসী যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে । মাটিৰ মূল্য আৰু ঘৰৰ মূল্যৰ মুঠ পৰিমাণৰ ৫ শতাংশ কৰ ধাৰ্য্য কৰা হৈছে । কিন্তু মৰিয়নি পৌৰসভাই এই সন্দৰ্ভত আলোচনা কৰি সকলোকে সৰ্বাধিক ২৫ শতাংশলৈকে শতাংশলৈকে কৰ ৰেহাই দিয়াৰো ব্যৱস্থা কৰিছে । তাৰোপৰি নগৰবাসীৰ লাইট টেক্স, আৰবান টেক্স, ৱাটাৰ টেক্স আদি সম্পূৰ্ণৰূপে ৰেহাই দিয়া বুলিও উল্লেখ কৰে । যাৰ ফলত উপ-পৌৰপতিজনে জনোৱা মতে মৰিয়নি নগৰৰ প্ৰায় ৯৫ শতাংশ ঘৰৰ কৰ বছৰেকত দুহেজাৰ টকাৰ ভিতৰত আছে বুলিও লগতে জানিবলৈ দিয়ে । সভাত পৌৰ সভা এলেকাৰ বাসিন্দাসকলৰ পৌৰকৰৰ এক খচৰাও প্ৰকাশ কৰে । ইচ্ছুক ব্যক্তিয়ে তেওঁলোকৰ কৰৰ সম্পৰ্কে কাৰ্য্যালয়ত জানিব পাৰিব বুলিও সভাত উল্লেখ কৰে । মৰিয়নি নগৰৰ পৌৰসদস্যসকলক নিজৰ নিজৰ ৱাৰ্ডৰ বাসিন্দাসকলৰ যদি কিবা আপত্তি আছে সেইসমূহ পৰ্য্যালোচনা কৰিবলৈ পৌৰ সদস্যসকলৰ প্ৰতি মৰিয়নি পৌৰসভাই আহ্বান জনাইছে । সভাত বিশিষ্ট শিক্ষাবিদ আনন্দ শইকীয়া, সমাজকৰ্মী নেকিবুল ইছলাম, সংবাদকৰ্মী প্ৰাঞ্জল পাওগাম, চেম্বাৰ্চ অৱ কমাৰ্চৰ সম্পাদক কিষান পাল, ছাত্ৰ নেতা দীপ দত্ত আদিয়ে বক্তব্য প্ৰদান কৰে । তেওঁলোকে কৰৰ নামত জনসাধাৰণক অধিক বোজা জাপি দিব নোৱাৰিব বুলি মন্তব্য কৰি সমগ্ৰ বিষয়টো জনসাধাৰণৰ অধিক কাষলৈ নিবলৈ আহ্বান জনায় । তাৰোপৰি এই সম্পৰ্কত নগৰবাসীক লৈ বৃহত্তৰ পৰিসৰত এখন সভা দিবলৈও তেওঁলোকে আহ্বান জনায় । আনহাতে, প্ৰয়োজনীয় লোকক কিস্তি হিচাপত কৰৰ ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈও পৌৰসভাৰ প্ৰতি ৰাইজে আহ্বান জনায় । পৌৰসভাই এই আটাইবোৰ বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে । উল্লেখযোগ্য যে, নতুন নিৰিখ অনুযায়ী মৰিয়নি পৌৰসভাই ‘সম্পত্তি কৰ’ লোৱা ইতিমধ্যেই আৰম্ভ কৰিছে ।

দিব্যজ্যোতি শইকীয়া

You might also like