নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা হিন্দুস্তান ইউনিলিভাৰৰ কেইবা লক্ষাধিক টকাৰ নকল প্ৰসাধন সামগ্ৰী জব্দ

  • দোকানখনৰ স্বত্বাধীকাৰীক আটক – তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ মে’: আজি দুপৰীয়া ফালে ধুবুৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বহুজাতিক কোম্পানী হিন্দুস্তান ইউনিলিভাৰৰ কেইবা লক্ষাধিক টকাৰ নকল প্ৰসাধন সামগ্ৰী জব্দ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে দোকান খনৰ স্বত্বাধীকাৰীক আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, হিন্দুস্তান ইউনিলিভাৰৰ আইনী অধিবক্তা নয়নতাৰা ডাইমেই ধুবুৰী সদৰ থানাত দাখিল কৰা এক অভিযোগৰ ভিত্তিত আজি চহৰখনৰ চক বজাৰৰ সুদীপ ষ্ট’ৰ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানকালত আনুমানিক প্ৰায় ৬/৭ লক্ষাধিক টকাৰ হিন্দুস্তান ইউনিলিভাৰৰ লেকমি, পন্ডচ আদি ব্ৰেণ্ডৰ নকল পাউডাৰ আৰু ক্ৰিম জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত দোকানখনৰ স্বতাধিকাৰী সুবোধ কৰ্মকাৰক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। আটকাধীন ব্যৱসায়ীগৰাকীৰ ঘৰ ধুবুৰী জিলাৰ গোলকগঞ্জত বুলি প্ৰকাশ।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like