নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ লেজাই পানীমিৰি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! 

  •  অগ্নিকাণ্ডত জ্বলিল ৩০ লাখ টকা!

নিয়মীয়া বাৰ্তা, ৫ মে’: এক ভয়াৱহ অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডতেই জ্বলি ছাই হল প্ৰায় ত্ৰিশ লক্ষাধিক টকা।প্ৰকৃততে কিমান টকা আছিল সেয়া স্পষ্ট নহলেও,কেইবা লক্ষাধিক টকা জমা যে আছিল সেয়া নিশ্চিত।ঘটনাৰ বিষয়ে পলমকৈ জানিব পৰা অনুসৰি ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লেজাইৰ পানীমিৰি গাঁৱৰ নিৰ্বাসী জীৱন য়েইনৰ নামৰ লোকজনৰ ঘৰত যোৱা ২ মে’ৰ মাজ নিশা এক  ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত পৰিয়ালটোৰ বিস্তৰ ক্ষতিসাধন হয়।স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি য়েইন পৰিয়ালৰ কেইবা লক্ষাধিক টকাৰ সামগ্ৰী নি:শেষ হোৱা লগতে ঘৰৰ বাকচত ৰখা নগদ ৩০ লাখ টকা জ্বলি ভস্মীভূত হয়।লেজাই সমীপৱৰ্তী কলাখোৱা চাৰিআলিত থকা উক্ত লোক জনৰ অৰুণোদয় কেন্দ্ৰৰ বাবদ সংগ্ৰহ হোৱা নগদ ৩০ লাখ টকা ঘৰত ৰাখিছিল যদিও উক্ত অগ্নিকাণ্ডত সমূদায় ৩০ লাখ টকা ভস্মীভূত হয়।ঘটনাৰ সময়ত দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত  কোনো পুৰুষ মানুহ নথকাৰ কাৰণে মহিলা সকলে প্ৰাণৰ মমতাত ঘৰৰ পৰা ওলাই নিজকে আত্মৰক্ষা কৰিছিল।পাছত হুলস্থুল শুনি আৰু জুই দেখি স্থানীয় লোকৰ সহযোগত আৰু খবৰ পোৱাত ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীৰ সহযোগত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৰবৰুৱা থানাৰ আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত কৰাৰ লগতে অগ্নিকাণ্ডত জ্বলি যোৱা টকা সমূহ জব্দ কৰি থানালৈ আনে।জানিব পৰামতে অগ্নিকাণ্ডৰ সময়ত পৰিয়ালৰটোৰ সকলো সদস্যই সৌভাগ্যক্ৰমে ৰক্ষা পৰে।আনহাতেদি জীৱন য়েইনে ৩০ লাখকৈ নগদ ধন কিয় ঘৰৰ ট্ৰাংকত জমা ৰাখিছিল সেয়া সকলোৰে বাবেই অবুজ সাঁথৰ হৈ পৰিছে।কিয়নো এটা অৰুনোদয় কেন্দ্ৰৰ পৰা প্ৰতিদিনে সবাধিক ৩/৪ হাজাৰ টকাতকৈ বেছি উৰ্পাজন নহয়।তেনে ক্ষেত্ৰত কিয় ইমান টকা ঘৰতে জমা ৰাখিছিল আৰু সেই টকা আচল টকা নে নকল টকা আছিল,সেয়াও আৰক্ষীৰ প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like