নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণঃ সংবাদমেলত মহকুমা আৰক্ষী বিষয়াই ক’লে-এমাহৰ ভিতৰত দাখিল হ’ব চাৰ্জছীট

  • হত্যাত জড়িত আনন তাঁতীৰ অন্য এক কলংকিত অধ্যায়# পূৰ্বেও জড়িত আছিল নাবালিকাক যৌন উৎপীড়নত
  • সংবাদমেলত মহকুমা আৰক্ষী বিষয়াই ক’লে : পত্নী গংগা তাঁতী দুদিন পুলিচৰ জিম্মাত । পুত্ৰ বিষ্ণু তাঁতী পলাতক

 

নিয়মীয়া বাৰ্তা, ৫ মে’:– মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত জয়া নগৰৰ এগৰাকী কিশোৰীৰ ওপৰত শাৰিৰীক নিৰ্যাতন , ধৰ্ষণ আৰু হত্যা ঘটনাৰে জড়িত আনন তাঁতী ওৰফে স্বপন তাঁতীৰ অন্য এক কলংকিত অধ্যায় পোহৰলৈ আহিছে। ডেৰ বছৰৰ পূৰ্বে ধৃত আনন তাঁতী মাৰ্ঘেৰিটাৰ চেগুনবাৰীৰ এটা এলেকাত ভাড়াতীয়া হিচাপে আছিল । সেই সময়ত লম্পট আনন তাঁতী ওৰফে স্বপন তাঁতীয়ে এগৰাকী নাবালিকাক যৌণ নিৰ্যাতন চলাই পাছমাহৰ গৰ্ভবতী কৰাইছিল । সেইসময়ত ধৃত আনন বিবাহিত আছিল। স্থানীয়লোকে আননক উত্তম মধ্যম সোধাই উক্ত এলেকাৰ পৰা খেদি পঠিয়াইছিল । উক্ত এলেকাৰ লোকে আননৰ এই ঘিণনীয় কাণ্ডৰ খবৰ পাই আজি সংবাদমাধ্যমৰ আগত তাৰ পূৰ্বৰ কুকীৰ্তি সদৰী কৰে আৰু ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ লগতে গুলীবিদ্ধ হোৱা আননৰ কঠোৰ শাস্তুিৰ কামনা কৰে।

অন্যহাতে আজি মাৰ্ঘেৰিটা আৰক্ষী থানাত এখন সংবাদমেল পাতি মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৱে ঘটনাৰ সবিশেষ জানিবলৈ দিয়ে । ধৃত আননে পলায়ন কৰি ডিব্ৰুগড় জিলাৰ জয়পুৰৰ আমচাং চাহ বাগিছাত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰাৰ লগতে আদবাটত পলাবলৈ চেষ্টা কৰা অৱস্থাত গুলী চালনা কৰাত দুয়োটা ভৰি গুলীবিদ্ধ হয় বুলি জানিবলৈ দি মহকুমা আৰক্ষী বিষয়া বড়োৱে এই নিকৃষ্ট কাৰ্যত সহযোগিতা কৰাৰ বাবে আনন তাঁতীৰ পত্নী গংগা তাঁতীক গ্ৰেপ্তাৰ কৰা আৰু পলাতক নাবালক বৰপুত্ৰৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে । উল্লেখ্য যে – ঘটনাৰ সংক্ৰান্তত 113/2023 U/S 363 IPC Added sec. 120B/376(3)/302/201 IPC R/W sec 6 of POCSO Actৰ অধীনত এটা গোচৰ ৰজু কৰিছে । অন্যহাতে আজি গংগা তাঁতীক আদালতত হাজিৰ কৰাৰ পাছত দুদিনৰ বাবে অধিক সোধ-পোচৰ বাবে আৰক্ষীৰ জিম্মাত দিছে ।

সংবাদমেলত আৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰা মতে কিশোৰী হত্যাকাৰী আনন তাঁতীৰ বিৰুদ্ধে ৩০ দিনৰ ভিতৰত চাৰ্জছীট দাখিল কৰিব তিনিচুকীয়া আৰক্ষীয়ে৷ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অপৰাধীয়ে কঠোৰ শাস্তি পোৱাৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে ৷এই প্ৰতিশ্ৰুতি তিনিচুকীয়াৰ জিলা আৰক্ষী অধীক্ষক অভিজিত গৌৰৱে দিয়াৰ কথা কয়। মহকুমা আৰক্ষী বিষয়া বড়োৱে ঘটনাৰ তদন্ত অব্যাহত আছে আৰু ঘটনা সংক্ৰান্তীয় অধিক তথ্য পোহৰলৈ আহিলে সংবাদমাধ্যমক জানিবলৈ দিয়ে । এই নাৰকীয় ঘটনাৰ পাছত সমগ্ৰ মাৰ্ঘেৰিটা কালি পুৱাৰে পৰা উত্তাল হৈ থাকে । সন্ধিয়া লম্পট আনন গ্ৰেপ্তাৰ হোৱাৰ লগতে এনকাউন্টাৰ হোৱাৰ খবৰে সকলোকে উৎফুল্লিত কৰি তোলে । গুলীবিদ্ধ আননক মাৰ্ঘেৰিটা এফ আৰ ইউলৈ অনাৰ পাছত একাংশ লোক উপস্থিত হৈ আননক ৰাইজৰ হাতত গটাই দিয়াৰ দাবীৰে পৰিবেশ উত্তাল কৰি তোলে । আৰক্ষীয়ে আইন শৃংখলাজনিত পৰিস্থিতি অৱনতি ঘটাৰ পূৰ্বে চিকিৎসালয়ৰ পাছ ফালৰ পৰা আননক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে । পাছত ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ।আজি মাৰ্ঘেৰিটাৰ একাংশ সাংবাদিক কিশোৰীগৰাকীৰ গৃহলৈ গৈ পৰিস্থিতিৰ বুঁজ লয়। সাংবাদিকসকলৰ আগত দুৰ্ভগীয়া মাতৃগৰাকীয়ে কিশোৰী গৰাকীক অসম্ভৱ শাৰিৰীক নিৰ্যাতন চলোৱাৰ কথা প্ৰকাশ কৰি শোকত ম্ৰিয়মান হৈ পৰে ।

মাকে ঘটনাৰ বিৱৰণ দি জানিবলৈ দিয়া মতে একেলগে আননৰ পৰিয়ালৰে বিহু চোৱাৰ পাছত গংগা তাঁতীয়ে তাইৰ ঘৰলৈ লৈ গৈছিল । পুৱা চাৰিবজাত টোপনী ধৰা কিশোৰী গৰাকীক আঠুৱা তৰি লম্পট আননেই শোৱাৰ ব্যৱস্থা কৰি দিছিল । এই কাণ্ডত একাধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মাতৃ গৰাকীয়ে। আননৰ কঠোৰ শাস্তিয়েহে কণ্যাগৰাকীৰ আত্মাৰ শান্তি দিব বুলি কয় দুৰ্ভগীয়া মাতৃ তথা আইতাকে। অন্যহাতে অতি তৎপৰতাৰে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰাত সকলোৱে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে । এতিয়া সকলোৱে অপেক্ষা কৰিব ঘটনাৰ সকলো তথ্য পোহৰলৈ অহা তথা অপৰাধীৰ কঠোৰ শাস্তুি ঘোষণা হোৱাৰ সময়লৈ । বৃহস্পতিবাৰে মাৰ্ঘেৰিটা চেগুবাৰী ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দল সংগঠনে টাইয়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহকুমাধিপতি জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীকৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অন্যহাতে বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়া জিলা আৰক্ষী অধিক্ষকৰ নেতৃত্বত এটা দলে অসম অৰুণাচল সীমামুৰীয়া দেউমালীৰ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সভ্য সমাজক লজ্জানট কৰা আনন তাঁ‌তীক আটক কৰিবলৈ সক্ষম হৈ যদিও মাজ বাটত আৰক্ষী গাড়ীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলাওতে আৰক্ষীয়ে আননলৈ লক্ষ্য কৰি গুলি চলোৱাত লম্ফট আননৰ ভৰিত গুলিবৃদ্ধ হয়। ইয়াৰ পাছতে প্ৰাথমিক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে অভিযুক্তক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰে । ইয়াৰ মাজতেই স্থানীয় উত্তেজিত ৰাইজ ৰাইজৰ সন্মুখত হত্যাকাৰী আননকে গতাই দিয়াৰ দাবীত পৰিৱেশ উত্তাল কৰি তুলিছিল। অন্যহাতে আজিৰ দিনৰ ভাগত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৱে মাৰ্ঘেৰিটা আৰক্ষী থানাত সংবাদমেল সন্বোধন কৰে। অৱশ্য আজি ঘটনা সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰতিবাদ দেখা নগল। অন্যহাতে বৃহস্পতিবাৰে নিশাই কিশোৰীগৰাকীক স্থানীয় শ্মশানত শেষকৃত কৰা হয়।

 

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like