নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুতলা নাচৰ প্ৰবীণ শিল্পী নাৰায়ন ডেকাৰ স্বাস্থ্যৰ বুজ মন্ত্ৰী ৰঞ্জিত দাসৰ

  • অসম পাপেট থিয়েটাৰক জীয়াই ৰখাৰ সংকল্প অধ্যাপক ছবি পৰিচালক ৰাজেন দাসৰ

নিয়মীয়া বাৰ্তা,  ৮ মেঃ অসমৰ বিলুপ্তপ্ৰায় লোককলা পুতলা নাচৰ প্ৰবীণ শিল্পী তথা শিল্পী পেন্সনাৰ নাৰায়ন ডেকা বৰ্তমান শাৰীৰিকভাৱে অসুস্থ হৈ নিজ বাসগৃহতে শয্যাগত হৈ আছে ৷ছবি পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰা “লাইফ ইন এ পাপেট“ত মুখ্য চৰিত্ৰত অভিনয় কৰা নাৰায়ন ডেকাৰ শেষ অৱস্থাটোও যেন ছবিখনত দেখুওৱাৰ দৰে মৰ্মস্পৰ্শী হৈ পৰিছে ৷বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে শিল্পীগৰাকীৰ সপোনৰ অনুষ্ঠান তথা পেটৰ ভাতমুঠি মোকোলাই দিয়া “অসম পাপেট থিয়েটাৰ“ ৷ইতিমধ্যেই শিল্পীগৰাকীৰ কাষত থিয় হৈ অধ্যাপক পৰিচালক ৰাজেন দাসে যিকোনো মূল্যৰ বিনিময়তে “অসম পাপেট থিয়েটাৰ“ক জীয়াই ৰখাৰ সংকল্পৰ কথা দোহাৰে ৷পৰিচালক ৰাজেন দাসে সঘনাই পুতলা নাচৰ বৰ্ষীয়ান শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ থকাৰ লগতে বিষয়টো পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অৱগত কৰে৷পৰিচালকগৰাকীয়ে লগতে অসমৰ ৰাইজ অনুষ্ঠান প্ৰতিস্হান দল সংগঠনকো শিল্পীগৰাকীৰ কাষত থিয় হোৱাৰ বাবে সামাজিক মাধ্যমযোগে আহ্বান জনায় ৷পৰিচালক ৰাজেন দাসৰ অনুৰোধক সহাৰি দি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি পুতলা নাচৰ প্ৰবীণ শিল্পী নাৰায়ণ ডেকাৰ মাখিবাহাৰ বাসভৱনত উপস্থিত হয় আৰু শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷মন্ত্ৰী গৰাকীয়ে নাৰায়ণ ডেকাৰ চিকিৎসাৰ বাবে অৰ্থসাহায্যও প্ৰদান কৰে৷শিল্পীগৰাকীৰ পৰৱৰ্তী চিকিৎসাৰ বাবেও প্ৰয়োজন অনুসৰি সহায় সহযোগ আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে শিল্পী নাৰায়ণ ডেকাক আশ্বাস দিয়ে আৰু তেওঁৰ আশুআৰোগ্য কামনা কৰে৷ আনহাতে পৰিচালক ৰাজেন দাসে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত অনুষ্ঠান “অসম পাপেট থিয়েটাৰ“ অসমৰেই এক সম্পদ আৰু এই সম্পদক অশেষ ত্যাগ কৰি হলেও জীয়াই ৰখাৰ সংকল্পৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে আৰু বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে৷উল্লেখ্য যে পুতলা নাচক চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে জীয়াই ৰখাৰ প্ৰচেষ্টাৰ বাবে আৰু নিঃস্ব শিল্পীসকলৰ ওচৰত থিয় দি সাহস যোগোৱাৰ বাবে পৰিচালক ৰাজেন দাসক বৰ্ষীয়ান শিল্পীগৰাকীয়ে ধন্যবাদ জনায় ৷লগতে অসম পাপেট থিয়েটাৰক জীয়াই ৰখাৰ সংকল্পৰ বাবেও শিল্পীনাৰায়ণ ডেকাই সন্তোষ প্ৰকাশ কৰে ৷আনহাতে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দেখুওৱা বদান্যতাৰ বাবেও মন্ত্ৰীগৰাকীক ধন্যবাদ জনায় শিল্পী নাৰায়ণ ডেকাই ৷উল্লেখ্য যে শিল্পী নাৰায়ণ ডেকাৰ প্ৰযোজনা আৰু পৰিচালনাত অসম পাপেট থিয়েটাৰে দিল্লী চণ্ডীগড় আদি বিভিন্ন প্ৰান্তত পুতলা নাচ প্ৰদৰ্শন কৰি ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল৷অসমৰ লোকশিল্পৰ শিপা পুতলা নাচৰ প্ৰবীন শিল্পী নাৰায়ণ ডেকাৰ অসুস্থতাৰ বাতৰিয়ে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে৷

উৎপল মেধি

You might also like