কাইলৈ মাধৱদেৱ কলাক্ষেত্র উদ্বোধন, এই বছৰতে সম্পূর্ণ হ’ব বৰদোৱা প্রকল্প
- আজি উদ্যোগ খণ্ডত ৮ হাজাৰ কোটি টকাৰ বিনিয়োগ সন্দর্ভত বিভিন্ন কোম্পানীৰে বুজাবুজিৰ চুক্তি
নিয়মীয়া বাৰ্তা, ৯ মে’: ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে অহা ১০ মে’ত সফলতাৰে দুটা বছৰ সম্পূর্ণ কৰিব৷ দ্বিতীয় বর্ষপূর্তিৰ প্রাক্ক্ষণত আজি ৰাজ্যৰ উদ্যোগ খণ্ডত প্রায় ৮ হাজাৰ কোটি টকাৰ বিনিয়োগ হ’ব৷ জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়ে প্রকাশ কৰি কয় যে আজি উদ্যোগ খণ্ডত বিনিয়োগৰ বাবে বিভিন্ন কোম্পানীৰ সৈতে প্রায় ৮ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব৷ পেপছিয়ে ৰাজ্যখনত পটেটো চিপছৰ উদ্যোগ স্থাপন কৰিব৷ তিনিটা নতুন চিমেণ্ট কোম্পানীয়েও উদ্যোগ স্থাপন কৰিব৷ ইলেক্ট্রিক তাঁৰ প্রস্তুতৰ উদ্যোগো আহিব৷ এনে ধৰণৰ আৰু বহুকেইটা উদ্যোগৰ প্রস্তাৱ আছে৷ শেহতীয়াকৈ তেওঁ কর্ণাটকত থকা অৱস্থাত বহু উদ্যোগীয়ে অসমত উদ্যোগ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰি তেওঁক সাক্ষাৎ কৰিছে৷ আজিও টাটাই জাগীৰোডৰ হিন্দুস্থান পেপাৰ কর্প’ৰেচনটো চাবলৈ আহিছে৷ প্রায় প্রতিদিনে বিভিন্ন বিনিয়োগকাৰীয়ে উজনি অসম, নামনি অসমলৈ আহি আছে৷
ইপিনে, অহা ১০ মে’ত বিহপুৰীয়াৰ নাৰায়ণপুৰত নির্মাণ কৰা মাধৱদেৱ কলাক্ষেত্র উদ্বোধন কৰা হ’ব৷ সেইদিনাই বিয়লি চাৰি বজাত মুখ্যমন্ত্রীৰ আয়ুস্মান অসমৰো শুভাৰম্ভ কৰা হ’ব৷ ইয়াৰ জৰিয়তে ৰেচন কার্ড থকা প্রতিটো পৰিয়ালে বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এইবছৰৰ ভিতৰতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত ৰাজ্য চৰকাৰে গ্রহণ কৰা বৰদোৱা প্রকল্পটো সম্পূর্ণ কৰিব৷ আজি পুৱাই নিজে বৰদোৱালৈ গৈ প্রকল্পটোৰ কাম–কাজৰ অগ্রগতিৰ বুজ ল’ব বুলিও তেওঁ সদৰী কৰে৷ আনহাতে বর্তমানৰ ৰাজ্য চৰকাৰৰ দুবছৰ পূর্তি উপলক্ষে আজি বিয়লি মুখ্যমন্ত্রী ড০ শর্মাই এখন সংবাদ মেল সম্বোধন কৰি চৰকাৰৰ দুবছৰীয়া সফলতাৰ খতিয়ান দাঙি ধৰিব বুলি জানিবলৈ দিয়ে৷