ঢকুৱাখনাত সদৌ অসম লেখিকা সমাৰোহৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
নিয়মীয়া বাৰ্তা, ৯ মে’::অসমৰ লেখিকাসকলৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নৱ নিৰ্বাচিত সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয়। ঢকুৱাখনা শাখা লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সুবৰ্ণ শইকীয়া বৰদলৈয়ে ।সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে উপদেষ্টা কবিতা ৰাজগুৰুৱে । ৰাজ্যিক সম্পাদিকা মনোমতী কুৰ্মীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আদৰণি বক্তব্য ৰাখে ঢকুৱাখনা শাখাৰ সভানেত্ৰী বিদ্যাৱতী শইকীয়াই ।সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।ইয়াৰ ভিতৰত ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহুৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি লোৱা প্ৰস্তাৱ অন্যতম । সভাতে ঢকুৱাখনা শাখাৰ বাৰ্ষিক প্ৰকাশ মাধুকৰীৰ ৰুণু গোহাঁইয়ে সম্পাদনা কৰা সংখ্যাটি উন্মোচন কৰে ধেমাজি শাখাৰ বিমলা গগৈয়ে । সভাপতিৰ বক্তব্যৰ পাছতে শলাগৰ শৰাই আগবঢ়াই ক্ৰমে ৰাজ্যিক সমিতিৰ সম্পাদিকা মনোমতী কুৰ্মী আৰু ঢকুৱাখনা শাখাৰ সম্পাদিকা শান্ত্বনা বৰুৱাই।
প্ৰেৰক পুলকজ্যোতি বৰা