গেৰুৱাত মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুপালন প্ৰশিক্ষণ শিবিৰ
- পালকৰ মাজত উন্নত জাতৰ কুকুৰা পোৱালি আৰু বাচন বৰ্তন বিতৰণ
নিয়মীয়া বাৰ্তা, ৯ মে’ : পশুপালনৰ জৰিয়তে কৃষক সকলৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কালি জিলাখনৰ গেৰুৱাত পশুপালন প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত হয়।ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱা অঞ্চলৰ চেংমৰাত অনুষ্ঠিত পশুপালন প্ৰশিক্ষণ শিবিৰটোত বৈজ্ঞানিক ভিত্তিত কুকুৰা পালনৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ৰিজুস্মিতা শৰ্মা ডেকা আৰু ডা: সুভাষ কলিতাই।উল্লেখ্য যে প্ৰশিক্ষণটোত কুকুৰা প্ৰতি পালনৰ ক্ষেত্ৰত গৃহ নিৰ্মাণ, বিভিন্ন সময়ত দিব লগা প্ৰতিষেধক,বিভিন্ন ঔষধ,খাদ্য যোগান, কণী আৰু মাংস উৎপাদন,কুকুৰা পালনৰ জৰিয়তে লাভালাভ আদিকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশিক্ষণ আগবঢ়ায়।এই প্ৰশিক্ষণটোত মুখ্য অতিথিৰূপে ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া উপস্থিত থাকি প্ৰশিক্ষণত অংশগ্ৰহণ কৰা কুকুৰা পালক সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে কুকুৰা পালন কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে প্ৰশিক্ষণৰ শেষত চেংমৰা গাঁৱৰ ৩০ গৰাকী কুকুৰা পালকৰ মাজত ৫০ টাকৈ উন্নত জাতৰ কুকুৰাৰ পোৱালিৰ লগতে খাদ্য আৰু পানীৰ পাত্ৰ বিতৰণ কৰে।কুকুৰা পোৱালি বিতৰণ অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে প্ৰশিক্ষণ শিবিৰটোত মুখ্য অতিথিৰূপে উপস্থিত থকা ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই।উল্লেখ্য যে এই অনুষ্ঠানটোত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ৰিজুস্মিতা শৰ্মা ডেকা ,ডাঃ সুভাষ কলিতাৰ লগতে মীন বিশেষজ্ঞ পৰাগ মণি ডেকা সহ কেইবা গৰাকীও কৰ্মচাৰী উপস্থিত থাকে।