নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো চক্ৰ বিষয়া আৰু বৌদ্ধিক সমাজৰ বিনম্ৰ প্ৰয়াসত “জীৱনৰ চন্দ বিচাৰি” শীৰ্ষক অভিযান মিচন

নিয়মীয়া বাৰ্তা, ৯ মে’ – বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত তথা নিবনুৱা ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লক্ষ্য আৰু জীৱন শৈলীৰ গতি নিৰ্ণয়ৰ অভিযানেৰে এক বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আজি গঠন কৰে এখন সমিতি। কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত চক্ৰ বিষয়া দিৱস বৰদলৈৰ আহ্বানত আজি অনুষ্ঠিত হয় এক বৈথক। উল্লেখ্য যে ; বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ অন্তৰ্গত এলেকাত থকা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বৌদ্ধিক জ্ঞানৰ উপৰিও মানসিক উৎকৰ্ষ সাধন হোৱা বিষয় তথা কৌশলী জ্ঞানৰ শিক্ষন প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰাৰ প্ৰস্তূতি চলাইছে। সেই উপলক্ষে আজি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈৰ আহ্বানত আয়োজন কৰা হয় এক গুৰুত্বপূৰ্ণ বৈথক। বৈথকত চক্ৰ বিষয়াৰ উপৰিও বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড: তপন দত্ত ; হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড: গণেশ্বৰ চহৰীয়া ; বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতা ; যুৱ সাংবাদিক গোবিন্দ দলৈ আৰু বিষ্ণু ৰাম দাস উপস্থিত থাকে। ইফালে বৈথকত বৃহত্তৰ অঞ্চলটোৰ শিক্ষিত নিবনুৱা আৰু বিদ্যালয় ; মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যত জীৱনত আত্মনিৰ্ভৰশীল হোৱা বিষয়ৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈথকত ” জীৱনৰ চন্দ বিচাৰি ” – কেৰিয়াৰ কাউন্সিলিং মিচন নামেৰে এক মনোজ্ঞ অভিযান পৰিচালনা কৰিবলৈ বিষয় নিৰ্বাচক মণ্ডলী গঠন কৰে। চক্ৰ বিষয়া দিৱস বৰদলৈক মুখ্য নিয়ন্ত্ৰক হিচাপে লৈ ড: তপন দত্ত ; ড: গণেশ্বৰ চহৰীয়া ; মনোৰঞ্জন কলিতা ; গোবিন্দ দলৈ আৰু বিষ্ণু ৰাম দাসক পৰিকল্পনাৰ দায়িত্ব দি স্থান আৰু সময় নিৰুপন বিভাগ ; প্ৰচাৰ বিভাগ ; কাৰ্য্যসূচী আৰু পাৰদৰ্শিতাৰ তথ্য প্ৰকাশৰ বাবে প্ৰকাশন সমিতিকে ধৰি চাৰিখন সমিতি গঠন কৰা হয়। এই প্ৰদক্ষেপৰ শুভাৰম্ভণী হিচাপে অহা ২০ মে’ৰ দিনা ” ছবিও হ’ব পাৰে অন্য এক জীৱন বৃত্তি ” শীৰ্ষক চিত্ৰাংকন প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰা হৈছে। উক্ত প্ৰশিক্ষণ কৰ্মশালাত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ সহযোগ কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like