পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৯ মে’: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মঙলবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰৰ পৰা পাকিস্তানী ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰে।
আল কাদিৰ ট্ৰাষ্টৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ইমৰাণ খান। ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। তেওঁ কয় যে আদালতৰ নিয়ম উলংঘা কৰা হৈছে। আদালতত হাজিৰ হোৱাৰ ঠিক পূৰ্বেই ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হয়।
ইছলামবাদত ১৪৪ নং ধাৰা
ইছলামবাদ আৰক্ষীয়ে জনোৱা মতে, ৰাজধানী চহৰখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও কাকো হাৰাশাস্তি কৰা হোৱা নাই বুলি নিশ্চিত কৰাৰ লগতে ইমৰাণৰ গাড়ীখন আৰক্ষীয়ে ঘেৰাও কৰা বুলিও কয়। লাহোৰৰ জামান পাৰ্কত থকা তেওঁৰ বাসগৃহত আৰক্ষীৰ অভিযানকে ধৰি ইমৰানক গ্ৰেপ্তাৰ কৰাৰ কেইবাটাও ব্যৰ্থ প্ৰচেষ্টাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গৃহবন্দী কৰি ৰখা হৈছিল, য’ত তেওঁ সফলতাৰে পলায়ন কৰিছিল।