জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাতায়াত উজনি মাজুলীবাসীৰ
- কানসাৰ নাই লোকনিৰ্মাণ বিভাগৰ
নিয়মীয়া বাৰ্তা, ১১ মেঃ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত দুটাকৈ সদাব্যস্ত পথত থকা দুখনকৈ কাঠৰ দলং জৰাজীৰ্ণ হৈ পৰাত বিপদসংকুল ভাৱে যাতায়াত কৰিব লগা হৈছে স্থানীয় জনসাধাৰণে৷ উজনি মাজুলীৰ ২ নং কুঁহিয়াৰ বাৰী- মৰিসুঁতি সংযোগী পথত থকা জৰাজীৰ্ণ দলং আৰু উজনি মাজুলীবাসীয়ে লখিমপুৰ জিলাৰ লগত সঘন যোগাযোগ স্থাপন কৰিব পৰা নতুন বজাৰ-সোণাৰী চাপৰি পথৰ কেকুৰী ঘাটৰ কাঠৰ দলংখন জৰাজীৰ্ণ হৈ পৰাত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছে স্থানীয় জনসাধাৰণে৷ উল্লেখ্য যে দুবছৰ পূৰ্বে নিৰ্মাণ কৰা ২ নং কুঁহিয়াৰ বাৰী- মৰিসুঁতি সংযোগী কাঠৰ দলং খন বৰ্তমান জৰাজীৰ্ণ হৈ পৰাত যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছে স্থানীয় জনসাধাৰণে। এই ক্ষেত্ৰত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈ আহিছে যদিও বৰ্তমানলৈকে মাজুলী লোকনিৰ্মাণ বিভাগে দলংখন মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ অন্যহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী পথ পকীকৰণ আঁচনিৰ অধিনত ২ নং কুঁহিয়াৰবাৰীৰ পৰা গোপালপুৰলৈ পথচোৱা পকীকৰণ কৰাৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহতে আধাৰশিলা স্থাপন কৰা হ’ল যদিও বৰ্তমানলৈকে পথ পকীকৰণৰ্ কাম আৰম্ভ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় জনসাধাৰণে৷ ইয়াৰোপৰি মাজুলীবাসীয়ে লখিমপুৰ জিলাৰ লগত সঘন যোগাযোগ স্থাপন কৰিব পৰা নতুন বজাৰ-সোণাৰী চাপৰি পথৰ কেকুৰী ঘাটৰ কাঠৰ দলংখন জৰাজীৰ্ণ হৈ পৰাত যিকোনো মুহুৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰা হৈছে৷
উল্লেখ্য যে যাতায়াত যোগাযোগত বছৰ বছৰ ধৰি নৰক যন্ত্ৰণা ভূগি অহা উজনি মাজুলীবাসীৰ লগত ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত কেকুৰী দাংধৰাবাসীক সংযোগ কৰা খেৰকটীয়া নৈৰ কেকুৰী ঘাটত দলং নিৰ্মাণৰ বাবে ২০১৮ বৰ্ষৰ ১ নৱেম্বৰ তাৰিখে এছ অ পি ডি (জি) ২০১৮-১৯ বৰ্ষৰ শিতানত ৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ অনুমোদিত পুঁজিৰে নতুন বজাৰৰ পৰা সোণাৰী চাপৰি পথত খেৰকটীয়া নৈত ২৩২.৭৫ লাখ টকা ব্যয় সাপেক্ষে ১২৫.০০ মিটাৰ দৈঘ্যৰ কাঠৰ দলংখন নিৰ্মাণৰ বাবে অনুমোদন দিছিল৷ বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই দলংখন নিৰ্মাণ কৰি যাতায়াত-যোগাযোগৰ ক্ষেত্ৰত অঞ্চলবাসীয়ে ভূগি অহা নৰক যন্ত্ৰণাৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল যদিও দলংখনৰ ঠিকা আৱণ্টন লাভ কৰা ঠিকাদাৰ পক্ষই দলং নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ বাবেই খুউব কম দিনতে দলংখন জৰাজীৰ্ণ হোৱা বুলি স্থানীয় জনসাধাৰণে অভিযোগ উত্থাপন কৰিছে৷ এই ক্ষেত্ৰত শীঘ্ৰে দলংখন মেৰাতিৰ ব্যৱস্থা কৰাৰ লগতে পকী দলঙৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু মাজুলী জিলা প্ৰশাসনক অঞ্চলবাসীয়ে দাবী জনাইছে৷