বকোৰ মৈৰাচ’ৰাত পঞ্চায়তৰ আৱাস গৃহ প্ৰদানত সভানেত্ৰীৰ স্বজন তোষণ
- ধনৰ বিনিময়ত চৰকাৰী গ্ৰেজিং জমীত গৃহ প্ৰদানৰ অভিযোগ।
নিয়মীয়া বাৰ্তা ; ১১ মে’ – ৰাজ্যত শাসনাধীন বি জে পি চৰকাৰৰ দূৰ্নীতিবিৰোধী শ্লোগান ধোৱা চাঙত তুলি এক অভিলেখ সৃষ্টি কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কামৰূপ জিলাৰ বকোৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন হৈছে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৭২ নং উত্তৰ বেকেলী গাওঁ পঞ্চায়তৰ সভানেত্ৰী দিপালী ৰাভাৰ বিৰুদ্ধে। উল্লেখ্য যে ; পঞ্চায়ত খনৰ দ্বাৰা প্ৰদান কৰা প্ৰধান মন্ত্ৰী আৱাস জযোনাৰ ২০১১ চনৰ নিৰ্বাচিত তালিকাত থকা মৈৰাচ’ৰা গাওঁৰ নৈমুদ্দিন খা ; নৈবুল খা ; বস্কো খা ; ৰহিম খা আৰু কৰিম খা নামৰ একে ভাই ককাইয়েকে চৰকাৰী গৃহ নপোৱাৰ অভিযোগ উত্থাপন কৰে। ইফালে তেওঁলোকে জনোৱা মতে ; তেওঁ লোক বসতি কৰা জমি তৌজি জমি। পঞ্চায়ত খনৰ সভানেত্ৰী দিপালী ৰাভাই তৌজি জমিত গৃহ প্ৰদান কৰিব বিচৰা নাই। কিন্তু একেই স্থানতেই বসতি কৰা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ জমিত জৈমুদ্দিন আৰু তবুলুদ্দিন আলীক বৃহৎ ধনৰ বিনিময়ত চৰকাৰী গৃহ প্ৰদান কৰিছে। আজি সাংবাদিকৰ আগত এই অভিযোগ উত্থাপন কৰি বিষয়টো চৰকাৰৰ উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে আৰু দোষীক শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ কৰে। বকোৰ এই ঘটনাটোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভূক্তভোগীয়ে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।