নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তপ্ত অসম-মেঘালয় সীমান্ত : হামৰেনত চাহ বাগিচা কাটি তহিলং দুৰ্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ১১ মে : অসম-মেঘালয় সীমান্তবৰ্তী পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ তাড’-লাংছ’ত পুনৰ মেঘালয়ৰ খাচী দুৰ্বৃত্তই অসমৰ লোকক আক্ৰমণ কৰা ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাৰ তাড’-লাংছ’ গাঁৱত আজি একাংশ মেঘালয়ৰ দুস্কৃতিকাৰীয়ে এখন চাহ বাগিচা চাহ গছ কাটি তহিলং কৰে। উক্ত অঞ্চলত বসবাস কৰা এটা পৰিয়ালৰ চাহ বাগিচা খন দুস্কৃতিকাৰীয়ে এফালৰ চাহ গছ কাটি তহিলং কৰাৰ উপৰি চাহ বাগিচাখনত স্থাপন কৰা কণী ঘৰ পৰ্যন্ত ভাঙি লণ্ড ভণ্ড কৰে। ইফালে খাছী দুৰ্বৃক্তৰ এনে কাৰ্যত বাধা প্ৰদান কৰিবলৈ অহা স্থানীয় লোকক খাছী দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। উল্লেখযোগ্য যে খাছী দুৰ্বৃত্তৰ আক্ৰমণত তাডʼলাংছʼৰ দুজন লোক গুৰুতৰ ভাবে আহত হোৱা বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ আহত এজনৰ নাম এলবাৰ্ট তিমুং বুলি চিনাক্ত কৰা হৈছে যদিও আহত আনজন লোকৰ নাম বাতৰি লিখা পৰলৈকে জানিব পৰা নাই। ইফালে গুৰুতৰভাবে আহত এলবাৰ্ট তিমুঙক হোজাই স্থিত হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰণিধানযোগ্য যে, যোৱা ১৭ এপ্ৰিলত এই অঞ্চলতে সীমান্তৰ সীপাৰৰ পৰা অহা খাচীয়া লোকৰ এটা দল কাৰ্বি পৰিষদে স্থাপন কৰা এটা প্ৰবেশ কৰ গ্যেট ভাঙি লণ্ড ভণ্ড কৰে। উল্লেখযোগ্য যে, আৰক্ষী প্ৰশাসনে উক্ত ঘটনাৰ খবৰ পোৱা লগে লগে ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উক্ত ঘটনাৰ পিছত পুনৰ অসম – মেঘালয় সীমান্তত থকা অসমৰ লোকসকল ভীতিগ্ৰস্ত হৈ পৰিছে। অৱশ্যে আৰক্ষীয়ে এনে ঘটনা সীমান্ত অঞ্চলত যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টিকাৰী দুৰ্বৃত্তক দমন কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সহায় কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like