নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেমকোষ ব্ৰেইল সংস্কৰণেৰে বিশ্বভিলেষ কৰা জয়ন্ত বৰুৱাক ডিব্ৰুগড়ত বিপুল সম্বৰ্ধনা

 

নিয়মীয়া বাৰ্তা,১২মেঃ হেমকোষৰ ব্ৰেইল সংস্কৰণৰ যোগেদি বিশ্বৰ সৰ্ববৃহৎ ব্লেইল অভিধানৰ স্বীকৃতিৰ জৰিয়তে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা তথা অসমীয়া ভাষা, সাহিত্য, সংবাদ ক্ষেত্ৰত অন্যতম বৰঙণি যোগোৱা সাদিন-প্রতিদিন গোষ্ঠী তথা প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। ফুলাম গামোচা, চেলেং চাদৰ, স্মাৰক, ফুলাম জাপি, সম্বৰ্ধনা পত্ৰৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ক্লাবৰ সভাপতি মনজিৎ বৰা,উপ-সভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল গোহাঁই, সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা সহ সাংবাদিক সকল উপস্থিত থাকি
অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে “ডিব্ৰুগড় সাহিত্য সভা “ৰ তৰফৰ পৰায়ো ফুলাম গামোচা, চেলেং চাদৰ, কিতাপৰ টোপোলাৰে।ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড°শশীকান্ত শইকীয়া, উপ-সভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল গোহাঁই সহ অন্যান্য সকল উপস্থিত আছিল সম্বৰ্ধনা সময়ত।
অসমীয়া প্ৰতিদিন কাকতৰ ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাতে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, সাধাৰণ সম্পাদক মনজিৎ বৰা, সহকাৰী সম্পাদক মুক্তামণি হাজৰিকাই গামোচা, সম্বৰ্ধনা পত্ৰ আৰু পিটাৰ শৰাই জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে ডিব্ৰুগড়ৰ ই মিডিয়া ফ’ৰাম, ডিব্ৰুগড় প্ৰেছ ক্লাব,মিলনজ্যোতি সংঘ,আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,অসম জাতীয়তাবাদী যুৱ পৰিষদ, বেংগলী যুৱ ছাত্ৰ সন্মিলন,মটক যুৱ ছাত্ৰ সন্মিলন,টাই আহোম ছাত্ৰ সন্থা,টাইপা,নাগৰিক মঞ্চ,গণনাট্য সংঘ,আমোলাপট্টি নাট্য মন্দিৰকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like