বিশেষ বাৰ্তা, ১৪ মে’ : তিনিচুকীয়াৰ মাকুমত নিৰ্মীয়মাণ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আজি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ মন্ত্ৰী সঞ্জয় কিষাণক লগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দুপৰীয়া নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱন, শৈক্ষিক ভৱন, ৫৮৮খন বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছতে বিভাগীয় মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ দায়িত্বত থকা প্ৰতিষ্ঠানৰ কাৰ্যবাহী, নিৰ্মাণকাৰ্য তদাৰককাৰী লোক নিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-কাৰ্যবাহী অভিযন্তা আৰু অসম স্বাস্থ্য আন্তঃগাথঁনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ কাৰ্যবাহীৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিতং পৰ্যালোচনা কৰে। বৈঠকত ‘অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতি’ৰ জ্যেষ্ঠ প্ৰকল্প প্ৰৱন্ধক বিশ্বদীপ দাস আৰু প্ৰকল্প প্ৰৱন্ধক এম কে পেগুৰ লগতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সহকাৰী সাধাৰণ প্ৰৱন্ধক, প্ৰকল্প কাৰ্যবাহী, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা-সহকাৰী অভিযন্তাও উপস্থিত থাকে৷ উল্লেখ্য যে ইতিমধ্যে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীৰ তিনিখন নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ে চলিত বৰ্ষৰ পৰাই এমবিবিএছ পাঠ্যক্ৰমত পাঠদান আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)ৰ অনুমতি পোৱাৰ পাছত ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰাই তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়তো এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। অহা বছৰৰ পৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বাবে এনএমচিৰ অনুমোদন আহৰণ কৰিব পৰাকৈ চলিত বৰ্ষৰ আগষ্টৰ ভিতৰতে ৰাজ্যৰ চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগে এনএমচিৰ ওচৰত আবেদন কৰিবলৈ চিন্তা কৰিছে। সেয়ে, এনএমচিৰ আগতীয়া পৰিদৰ্শনকাৰী দলৰ আগমনৰ পূৰ্বেই যাতে প্ৰয়োজনীয় আন্তঃগাথঁনি সম্পূৰ্ণ হৈ উঠ, তাৰ বাবে নিৰ্মাণ কাৰ্য অতি ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ মন্ত্ৰী মহন্তই আজিৰ বৈঠকত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগক নিৰ্দেশ দিয়ে। নিৰ্মীয়মাণ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ পাছতে আজি তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ ভূমিও পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই। চিকিৎসা মহাবিদ্যালয় চৌহদৰ কাষতে কৰ্কট চিকিৎসালয়খনো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যোথ সহযোগিতাত গঠিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ) প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যত নিৰ্মাণ কৰিবলৈ লোৱা সাতখন লোৱা কৰ্কট চিকিৎসালয়ৰ অন্যতম তিনিচুকীয়া কৰ্কট চিকিৎসা কেন্দ্ৰ। আজি পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী সঞ্জয় কিষাণো। প্ৰস্তাৱিত তিনিচুকীয়া কৰ্কট চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ প্ৰাৰম্ভিক কাম এমাহমানৰ ভিতৰতে আৰম্ভ কৰা হ’ব বুলি পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰী মন্ত্ৰীগৰাকীক নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যবাহীয়ে জানিবলৈ দিয়ে৷ এই কৰ্কট চিকিৎসালয়খন নিৰ্মাণ হৈ উঠিলে তিনিচুকীয়াৰ লগতে সমীপৱৰ্তী অঞ্চলৰ ৰোগীৰ বাবে কৰ্কট ৰোগৰ অত্যাধুনিক তথা সুলভ চিকিৎসা সেৱা উপলব্ধ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰিছে৷
প্ৰেৰক বিবেক বড়া