লাহৰীঘাট আৰক্ষীৰ জালত দুই আই পি এল জুৱাৰী
নিয়মীয়া বাৰ্তা, ১৬ মে : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় দুজনকৈ আই পি এল জুৱাৰী । আজি সন্ধিয়াৰ পাছত বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লাহৰীঘাট বজাৰৰ পৰা আই পি এল জুৱাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ক্ৰিকেট জুৱাৰী দুজন হ’ল ছাতিয়ানতুলি গাঁৱৰ ৮ নং ৱাৰ্ডৰ গোবিন্দ চন্দ্ৰ মালু (২১) আৰু বৰবড়ী গাৱঁৰ ৩ নং ৱাৰ্ডৰ হাছিকুল ৰাশিদ (৩২ ) ।আৰক্ষীয়ে আই পি এল জুৱাৰীৰ পৰা দুটা মবাইল ফোন জব্দ কৰে । দুয়োৰে বিৰুদ্ধে লাহৰীঘাট বজাৰত আই পি এলৰ নামত জুৱা চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আছিল । উল্লেখ্য যে আই পি এল আৰম্ভ হোৱাৰ লগে লগে আন আন বছৰৰ দৰে এইবাৰো লাহৰীঘাট বজাৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সক্ৰিয় হৈ উঠিছে আই পি এল জুৱাৰী সকল । সহজে ধন ঘটাৰ লোভত এটা চক্ৰই আই পি এল ক্ৰিকেটৰ নামত আৰম্ভ কৰিছে বৃহৎ জুৱা । লাহৰীঘাট আৰু ইয়াৰ পাশ্বৰ্বতী অঞ্চলত দৈনিক লাখ লাখ টকাৰ ক্ৰিকেট জুৱা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আছিল । আই পি এল জুৱাৰ গ্ৰাসত পৰি অঞ্চলটোৰ একাংশ যুৱক সৰ্বস্ৰান্ত হোৱাৰ অভিযোগ উঠিছে । অৱশেষত দুজনকৈ ক্ৰিকেট জুৱাৰী লাহৰীঘাট আৰক্ষীৰ জালত পৰে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক সোধ পোছ অব্যাহত ৰাখিছে ।