নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন

 

 

নিয়মীয়া বাৰ্তা, ১৬ মে: সমগ্র দেশৰ লগতে নগাঁৱতো আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ডেংগুৰ ভয়াবহতা বিষয়ে উল্লেখ কৰি কয় যে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে সকলো লোকে সচেতন হোৱা প্ৰয়োজন। তেওঁ লগতে কয় যে এই ৰোগৰ বীজানু কঢ়িওৱা মহৰ আক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে প্ৰয়োজনীয়পদক্ষেপ লবলৈ আহ্বান জনায়। বিভিন্ন ৰোগৰ পৰা ৰাইজক ৰক্ষা কৰিবৰ বাবে ৰাজ্য চৰকাৰে লোৱ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে বিধায়ক গৰাকীয়ে। তেওঁ এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগক গাঁৱে গাঁৱে সজাগতা মূলক অভিযান চলাবলৈ অনুৰোধ জনায়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা :অৰূপজ্যোতি মহন্তৰ লগতে কেবাজনো স্বাস্থ্য বিষয়াই অংশগ্ৰহণ কৰে। নগাঁও জিলা মেলেৰিয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মেলেৰিয়া বিভাগৰ বিষয়া কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে নগাঁও জিলাত ডেংগুত দুজন লোক আক্ৰান্ত হৈছে।

কনক হাজৰিকা নগাঁও

You might also like