আজি হোৱাইট ৱাছ ৰোধৰ যুঁজ ভাৰতৰ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত হোৱাইটৱাছ প্রতিৰোধৰ লক্ষ্যৰে কাইলৈ আজি ইণ্ডিয়াই তৃতীয় তথা অন্তিমখন এদিনীয়া খেলিব৷ মাউণ্ট মাংগানুইত অনুষ্ঠিত হ’বলগীয়া মেচখনত আলহী দলটোৰ দুই উদীয়মান অ’পেনাৰ পৃথ্বি শ্ব আৰু মায়ংক আগৰৱালে ভাৰতক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হ’ব বুলি দলীয় মেনেজমেণ্টে আশা কৰিছে৷ উল্লেখ্য যে তাৰকা অ’পেনাৰ ৰোহিত শর্মা আৰু শিখৰ ধাৱনৰ অনুপস্থিতিত পৃথ্বি আৰু মায়ংকে প্রথম দুখন এদিনীয়াত ভাৰতীয় দলৰ ইনিংছ মুকলি কৰাৰ সুযোগ পায় যদিও কোনো এগৰাকী অ’পেনাৰে দীঘলীয়া ইনিংছ খেলিব পৰা নাই৷ ইয়াৰ পৰিণতিত টীম ইণ্ডিয়াই শেহতীয়া মেচ দুখনত বৃহৎ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হোৱা নাই৷ ইফালে, অধিনায়ক বিৰাট কোহলিকো স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নাই৷ এই টপ থ্রীৰ ব্যর্থতাৰ বাবে ইতিমধ্যে শৃংখলা হেৰুওৱা ভাৰতে কাইলৈ ভাগ্য সলনিৰ আশাৰে খেলপথাৰত নামিব৷ টি–২০ শৃংখলাত দুর্দান্ত প্রদর্শনেৰে নিউজিলেণ্ডক ৫–০ৰ ব্যৱধানত হোৱাইটৱাছ কৰা কোহলি বাহিনীৰ সন্মুখত এই মেচখন সন্মান উদ্ধাৰৰ যুঁজ হিচাপেও পৰিগণিত হৈছে৷ ইয়াৰ বাবে মায়ংক, পৃথ্বি, কোহলিৰ লগতে শ্রেয়াছ আয়াৰ আৰু লোকেশ ৰাহুলে দীঘলীয়া ইনিংছ খেলাটো আৱশ্যক হ’ব৷ ইফালে, ২–০ত অগ্রগতি অর্জন কৰি থকা ঘৰুৱা দল নিউজিলেণ্ডে শক্তিশালী টীম ইণ্ডিয়াৰ বিৰুদ্ধে হোৱাইটৱাছ সম্পূর্ণ কৰিবলৈ আত্মবিশ্বাসেৰে অন্তিম এদিনীয়াত অৱতীর্ণ হ’ব৷ ইতিমধ্যেই টছত জয়ী হৈ নিউজিলেণ্ডে ভাৰতক বেটিংৰ বাবে আমন্ত্ৰণ জনাইছে। ভাৰেত ৩ টা উইকেট হেৰুৱাই ১২৩ ৰাণ সংগ্ৰহ কৰিছে।