শ্রেষ্ঠ ছবিসহ দক্ষিণ কোৰিয়াৰ ‘পেৰাছাইট’–এ আঁজুৰিলে চাৰিটাকৈ সন্মান
অস্কাৰত এছিয়াৰ জয়যাত্ৰা
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বিশ্ব চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ ইতিহাস গঢ়িলে দক্ষিণ কোৰিয়াৰ ছবি পেৰাছাইট -এ। অস্কাৰৰ ইতিহাসত প্ৰথমখন বিদেশী ছবি কিম্বা ইংৰাজীক বাদে বেলেগ ভাষাত নিৰ্মিত ছবি পেৰাছাইটে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগতে ছটা শিতানত মনোনয়ন লাভ কৰে আৰু চাৰিটা শিতানত শ্রেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ লছ এঞ্জেলছৰ নিউ ডলবী থিয়েটাৰত যোৱানিশা অনুষ্ঠিত ৯২সংখ্যক একাডেমী বঁটা, ২০২০ৰ বর্ণাঢ়্য কার্যসূচীৰ দক্ষিণ কোৰিয়াৰ ছবি ‘পেৰাছাইট’ক শ্রেষ্ঠ ছবিৰ সন্মান প্রদান কৰা হয়৷ শ্রেষ্ঠ ছবিৰ লগতে পেৰাছাইটৰ নির্দেশক বং জুন হোৱে লাভ কৰে শ্রেষ্ঠ নির্দেশকৰ বঁটা৷ পেৰাছাইটে লাভ কৰে শ্রেষ্ঠ মৌলিক চিত্রনাট্যৰ বঁটা আৰু শ্রেষ্ঠ আন্তর্জাতিক ছবিৰ সন্মান৷ জনপ্রিয় ছবি ‘১৯১৭’ক চেৰ পেলাই দক্ষিণ কোৰিয়াৰ প্রথমখন ছবি হিচাপে ‘পেৰাছাইটে’ লাভ কৰে চাৰিটাকৈ সন্মান৷ নতুন দশকৰ সংবেদনশীল অনন্য সৃষ্টি হিচাপে বিশ্বৰ চলচ্চিত্র সমালোচকৰ হূদয় স্পর্শ কৰা পেৰাছাইট হৈছে প্রথমখন বিদেশী ভাষাৰ শ্রেষ্ঠ অস্কাৰ বঁটাপ্রাপ্ত ছবি৷ ইপিনে ‘জ’কাৰ’ ছবিৰ ‘আর্থাৰ ফ্লেক’ৰ চৰিত্রত অনবদ্য অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে জোৱাকুইন ফিনিক্সে৷ অভিনেতা ফিনিক্সৰ এয়া প্রথম অস্কাৰ৷ অৱশ্যে ইয়াৰ পূর্বে অভিনেতাগৰাকীয়ে চাৰিবাৰ নমিনেচন লাভ কৰিছিল৷ আনহাতে ‘জুডি’ ছবিত জুডি গার্লেণ্ডৰ চৰিত্রত হূদয়স্পর্শী অভিনয়ৰ বাবে ৰিনী জেলৱেগাৰে লাভ কৰে শ্রেষ্ঠ অভিনেত্রীৰ অস্কাৰ বঁটা৷ এই ছবিখনত অভিনয়ৰ বাবে ইতিমধ্যে ৰিনি জেলৱেগাৰে গ’ল্ডেন গ্ল’ব, স্ক্রীন এক্টৰ গীল আৰু বাফটা বঁটা লাভ কৰিছে৷ বিশ্ববিশ্রুত অভিনেতা ব্রেড পীটে লাভ কৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ অস্কাৰ৷ ‘ৱানছ আপন এ টাইম ইন হলীউড’ ছবিত অভিনয়ৰ বাবে ব্রেড পীটক এই সন্মান প্রদান কৰা হয়৷ ‘মেৰিজ ষ্ট’ৰী’ ছবিখনত অভিনয়ৰ বাবে শ্রেষ্ঠ সহঃ অভিনেত্রীৰ অস্কাৰ লাভ কৰে লৌৰা ডার্নে৷ শ্রেষ্ঠ চিত্রনাট্য (অভিযোজনা)ৰ বঁটা লাভ কৰে ‘জজ’ ৰেবিট’ নামৰ ছবিখনে৷ খ্রীষ্টিন লিউনেনৰ ৰাজনৈতিক ব্যংগাত্মক গ্রন্থ ‘কেগিং স্কাই’ৰ আধাৰত টাইকা ৱেইটিটিয়ে ৰচনা কৰিছিল ‘জজ’ ৰেবিট’ৰ চিত্রনাট্য৷ ‘ৰকেটমেন’ ছবিৰ বাবে শ্রেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰে এল্টন জ’নে৷ এল্টন জ’নৰ এয়া দ্বিতীয়টো অস্কাৰ বঁটা৷ শ্রেষ্ঠ মৌলিক সংগীতৰ বঁটা জকাৰ ছবিৰ বাবে লাভ কৰে হিলডুৰ গুৱানাডটিৰে৷ এনেদৰে শ্রেষ্ঠ ৰূপসজ্জা আৰু কেশসজ্জাৰ অস্কাৰ লাভ কৰে ‘ব’মশ্বেল’ ছবিয়ে, শ্রেষ্ঠ ভিজুৱেল ইফেক্ট ‘১৯১৭’, শ্রেষ্ঠ ছবি সম্পাদনা ‘ফ’ড ভার্ছাছ ফেৰাৰী’, শ্রেষ্ঠ চিত্রগ্রহণ ‘১৯১৭’, শ্রেষ্ঠ ছাউণ্ড এডিটিং ‘ফ’ড ভার্ছাছ ফেৰাৰী’ আৰু ‘১৯১৭’৷ শ্রেষ্ঠ সাজসজ্জা ডিজাইন ‘লিটিল ৱমেন’ ছবিৰ বাবে জেকুইলিন ডুৰান৷ শ্রেষ্ঠ প্রডাক্চন ডিজাইন ‘ৱানছ আপন এ টাইম ইন হলীউড’, শ্রেষ্ঠ এনিমেটেড ছবি ‘টয় ষ্ট’ৰী ফ’ৰ’, শ্রেষ্ঠ লাইভ একচন চুটি ছবি ‘দ্য নাইবার্ছ উইণ্ড’, আৰু শ্রেষ্ঠ এনিমেটেড চুটি ছবি ‘হেয়াৰ লাভ’৷শ্রেষ্ঠ ডকুমেণ্টৰী ছবি ‘আমেৰিকান ফেক্টৰী’, শ্রেষ্ঠ ডকুমেণ্টৰী চুটি ছবিৰ অস্কাৰ লাভ কৰে ‘লার্নিং টু স্কেটব’ড ইন এ ৱাৰ জ’ন’–এ৷ উল্লেখ্য যে অস্কাৰ বঁটা অনুষ্ঠানৰ অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ ‘জয় হো’ গীতটি পৰিৱেশন কৰা হয়৷ মণ্টাজ শিতানত ‘শ্বামডগ মিলিয়নাৰ’ৰ (২০০৯) অস্কাৰ বঁটাপ্রাপ্ত জয় হো গীতটো পৰিৱেশন কৰা হয়৷ এই গীতটো অনুষ্ঠানত পৰিচালনা কৰে প্রখ্যাত আমেৰিকাৰ সংগীতজ্ঞ–ভিনেতা লীন মেনুৱেল মিৰাণ্ডাই৷ এই শিতানত টাইটানিক আৰু ৱেইনেজ ৱ’ল্ডৰ সংগীতো পৰিৱেশন কৰা হয়৷