নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্ৰিদেশীয় ভ্ৰমণৰ বাবে জাপান-পাপুৱা নিউগিনি-অষ্ট্ৰেলিয়ালৈ প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ১৯ মেঃ প্ৰধানমন্ত্ৰীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিডো কিছিডাৰ আমন্ত্ৰণত জাপানৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে হিৰোছিমালৈ ৰাওনা হ’ব। ভাৰত-জাপান সন্মিলনৰ পাছত জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাক লগ পোৱাটো আনন্দৰ কথা হ’ব। জি-২০ত ভাৰতৰ সভাপতিত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জি-৭ৰ বৈঠকত তেওঁৰ উপস্থিতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু সেইবোৰক সামূহিকভাৱে মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জি-৭ দেশসমূহ আৰু অন্যান্য আমন্ত্ৰিত অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে হিৰোছিমা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা একাংশ নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। জাপানৰ পৰা পাপুৱা নিউগিনিলৈ যাব বুলি প্ৰধানমন্ত্ৰীয়ে জনায়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া হ’ব প্ৰথমবাৰৰ বাবে পাপুৱা নিউগিনি ভ্ৰমণ। ২২ মে’ত প্ৰধানমন্ত্ৰী মোদীয়ে পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেৰ সৈতে যৌথভাৱে ফ’ৰাম ফৰ ইণ্ডিয়া পেচিফিক দ্বীপপুঞ্জ সহযোগিতাৰ তৃতীয় সন্মিলন আয়োজন কৰিব। প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ ১৪খন দেশেই (পিআইচি) এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ ফিজি ভ্ৰমণৰ সময়ত এই মঞ্চ মুকলি কৰা হৈছিল। পাপুৱা নিউগিনিৰ গৱৰ্ণৰ জেনেৰেল আৰু প্ৰধানমন্ত্ৰীৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে। বিবৃতিটোত প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবাঞ্জীৰ আমন্ত্ৰণত ছিডনীলৈ যাব। ইয়াত দুয়োখন দেশৰ শীৰ্ষ নেতাই দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব, য’ত দুয়োখন দেশৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আলোচনা কৰা হ’ব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ চিইঅ’ আৰু ব্যৱসায়িক নেতাৰ সৈতে মত বিনিময় কৰিব আৰু ছিডনীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সাক্ষাৎ কৰিব।

You might also like