উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস -২০২৩ ৰ তিনিচুকীয়া জিলা টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক সম্পন্ন
- ২৮ মে’ৰ পৰা আৰম্ভ হব বিশেষ পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযান।
- জিলাখনত শূন্যৰ পৰা ৫ বছৰৰ প্ৰায় শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য।
নিয়মীয়া বাৰ্তা, ২০ মে’: বিশ্বৰ কেতবোৰ ঠাইত পলিঅ’ ৰোগী পুনৰ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমর্মে তিনিচুকীয়াকে ধৰি অসমৰ ১৯ খন জিলাত অহা ২৮ মে’ৰ পৰা অনুষ্ঠিত হবলগীয়া উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ (Sub-National Immunization Day) তিনিচুকীয়া জিলা টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক তিনিচুকীয়া নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ সভাকক্ষ অনুষ্ঠিত হয়। জিলা টিকাকৰণ বিষয়া ডাঃ এন. কে বৰাই ২৮ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ সফল ৰূপায়ন বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চলাই থকা প্ৰস্তুতিৰ বিষয়ে বিতং ভাবে উল্লেখ কৰে। এই অভিযানৰ অধীনত তিনিচুকীয়া জিলাৰ এক লাখ চৌৰাল্লিছ হাজাৰ সাতশ পঁচাশী শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ’ প্ৰতিষেধক সেৱন কৰোৱা হ’ব । ভাৰতক সম্পূৰ্ণৰূপে এখন পলিঅ’ মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰত চৰকাৰে এটিও শিশু যাতে পলিঅ’ প্ৰতিষেধক লাভৰ পৰা বাদ নপৰে তাৰ বাবে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ অধীনত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ তথা বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত শিশুসকলক পলিঅ’ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব। জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডা. জয়ন্ত ভট্টাচাৰ্যীয়ে প্ৰতিগৰাকী অভিভাৱকক নিশ্চিতভাবে শিশুটিক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনায়। পলিঅ’ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী নহবলৈও যুতীয়া সঞ্চালক গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। আনহাতে শিক্ষা, সমাজ কল্যাণ আদি বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহক টিকাকৰণৰ এই বিশেষ কাৰ্য্যসূচীৰ সফল ৰূপায়ন বাবে পূৰ্ণ সহযোগিতা আগবঢ়াবলৈয়ো চুতীয়া সঞ্চালক গৰাকীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে, জিলাখনত সমাজ কল্যাণ, শিক্ষা, পৰিবহন, আদি বিভিন্ন বিভাগৰ সহযোগত প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনত পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হব। আজিৰ সভাত স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে।
প্ৰেৰক:-বিবেক বড়া