বাক্সাৰ কে চি কলেজত নৃত্যছায়া কলা আংগনৰ শাস্ত্ৰীয় নৃত্য কৰ্মশালা তথা নৃত্য উৎসৱৰ সামৰণি
নিয়মীয়া বাৰ্ত, ২০ মে’:’নৃত্যৰ ভাষা সকলোৱে বুজি পায়। এগৰাকী নৃত্য পতীয়সীয়ে নৃত্য পৰিবেশনৰ আৰম্ভণীতে আৰু নৃত্য পৰিবেশনৰ অন্তত ভূমি চুই দৰ্শক ৰাইজক প্ৰণাম কৰে। এয়াই নৃত্যৰ পৰিভাষা। ছায়াশ্ৰী দেশৰ পূব প্ৰান্তৰ জীয়ৰী হৈও দক্ষিণ ভাৰতৰৰ এটি নৃত্যকলাৰ প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগেৰে মহৎ কৰ্ম সম্পাদন কৰি আছে । তেওঁৰ পৰিয়ালেও এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰিছে। তাৰ বাবে ছায়াশ্ৰী আৰু তেওঁৰ পৰিয়ালক আন্তৰিক ধন্যবাদ জনাওঁ। ‘ – এনেদৰে মন্তব্য কৰে বাক্সাৰ হজুৱাস্থিত ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত আজি ( ২০ মে’) নৃত্যছায়া কলা আংগনৰ উদ্যোগত যোৱা ১৫ মে’ৰ পৰা অনুষ্ঠিত শাস্ত্ৰীয় নৃত্য ( ভাৰতনাট্যম, কথক নৃত্য, অডিচি নৃত্য), লঘূ শাস্ত্ৰীয় নৃত্য, লোকনৃত্য আৰু আধুনিক বড়ো নৃত্যৰ কৰ্মশালা, নৃত্য প্ৰতিযোগিতা, তথা নৃত্য উৎসৱৰ সামৰণি অনুষ্ঠান উদ্বোধন কৰি ছটিছগড়ৰ ইন্দিৰা সংগীত কলা বিদ্যালয়ৰ ভাৰতনাট্যমৰ অধ্যাপিকা এছ মেদিনী হোমবালে । তেওঁ প্ৰথমে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো মুকলি কৰে। লগতে সাহিত্য একাডেমীৰ অনুবাদ বঁটা প্ৰাপক গোবিন্দ নাৰ্জাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন আঞ্চলিক সম্পাদক, সাংবাদিক দামোদৰ তালুকদাৰ, সাংবাদিক, অৱসৰী শিক্ষক হৰিহৰ দাস আৰু কে চি কলেজৰ অধ্যক্ষ জৌশ্ৰাং বড়োয়েও বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত অতিথি শিল্পী কে প্ৰমিলা, সহকাৰী অধ্যাপক উদয়, সম্ৰাট চৌধুৰী, ভাৰত নাট্যম আৰু মাধুৰী পুৰামে আদি শিল্পীয়ে বিভিন্ন শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰে আৰু দিপুৰাম বড়োৱে ছেৰজা বাদন পৰিবেশন কৰে। অনুষ্ঠানত কথক নৃত্যকে ধৰি বিভিন্ন শিতানৰ নৃত্যৰ বঁটা বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হয়। আজি (২০ মে’) অনুষ্ঠানৰ বিভিন্ন নৃত্য প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে দুলাৰায় হাৰিমু আফাতৰ উপদেষ্টা শিল্পী ৰজনী স্বৰ্গীয়াৰীয়ে ।
প্ৰেৰক দিগন্ত দাস