নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপ্তম স্থানেৰে মেট্ৰিকত উজলিল ভৱানীপুৰৰ পীযুষ নাথ

নিয়মীয়া বাৰ্তা, ২২ মে’ : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী পীযুষ নাথে সপ্তম স্থান পোৱাত পীযুষ নাথে অধ্যয়ন কৰা শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষ,শিক্ষাৰ্থীৰ লগতে ভৱানীপুৰৰ বিভিন্ন দল,সংগঠন,শিক্ষানুৰাগী ৰাইজ উৎফুল্লিত হৈ পৰে।উল্লেখ্য যে- ভৱানীপুৰৰ বালাৰজানৰ বাসিন্দা তথা বৰপেটাৰ জাহেৰপাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বাবুল নাথ আৰু ইলা নাথৰ সন্তান পীযুষ নাথ।পীযুষে অসমীয়া মাতৃভাষাত ৯৮,ইংৰাজীত ৯৮, সাধাৰণ গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ৯৫ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰি মুঠ ৫৮৮ নম্বৰ লাভ কৰিছে।আটাইকেইটা বিষয়ত লেটাৰেৰে ৯৮ শতাংশ নম্বৰ লাভ কৰিছে।আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে সপ্তম স্থানপ্ৰাপ্ত পীযুষ নাথক নিজ গৃহৰ পৰা ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক-কৰ্মচাৰীবৃন্দই নিকেতনলৈ আদৰি আনে। ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত পীযুষ নাথক নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বায়ন, সহকাৰী প্ৰধান আচাৰ্য সঞ্জীৱ চৌধুৰী, পৰিচালনা সমিতিৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ চৌধুৰী, সম্পাদক ৰবীন দাস, ভৱানীপুৰ শতদল শাখা সাহিত্য সভাৰ সম্পাদক হিতেন্দ্ৰ নাথ ডেকা, কাৰ্যনিৰ্বাহক সদস্য হিমাংশু দাস, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ গভৰ্ণিং ব’ডিৰ সভাপতি ধৰণীধৰ তালুকদাৰ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দ্বিগবিজয় ডেকা,জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভৱানীপুৰ শাখা সমিতিৰ কাৰ্যকৰী সভাপতি সতীশ ডেকা, সাধাৰণ সম্পাদক পুলকানন্দ তালুকদাৰ,ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ বৈশ্য, সহকাৰী সম্পাদক সঞ্জীৱ বৈশ্য,প্ৰচাৰ সম্পাদক সীমান্ত দাসৰ লগত ভৱানীপুৰৰ বিভিন্ন দল, সংগঠনৰ বিষয়ববীয়া,শিক্ষানুৰাগী ৰাইজে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে পীযুষ নাথক লৈ ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক, শিক্ষাৰ্থী,পৰিচালনা সমিতি তদা বহুসংখ্যক ৰাইজে ভৱানীপুৰত শোভাযাত্ৰা কৰি আনন্দ উল্লাস প্ৰদৰ্শন কৰে।তদুপৰি ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষই পীযুষৰ পিতৃ বাবুল নাথ আৰু মাতৃ ইলা নাথকো সম্বৰ্ধনা জ্ঞাপন কৰে। সপ্তম স্থান লাভ কৰি পীযুষ নাথে এই সাংবাদিকৰ আগত কয় যে- ‘সৰুৰে পৰা এটা প্ৰৱল ইচ্ছা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ স্থান লাভ কৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পৰীক্ষা শেষ হোৱাৰ পিছত কিবা এটা স্থান পাম বুলি ভাবিছিলো যদি বহু চিন্তা হৈ আছিল।আজি ঘোষিত ফলাফলত মোৰ আশা পূৰ্ণ হ’ল। ইয়াৰ বাবে মই ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ সকলো আচাৰ্য, আচাৰ্যা, অন্যান্য বিষয়ববীয়া, মোৰ শিক্ষাগুৰু সকল,মোৰ মা,দেউতাৰ ওচৰত চিৰ কৃতজ্ঞ’।পীযুষে বিদ্যালয়ত অধ্যয়ন তথা শিক্ষা গ্ৰহনৰ উপৰিও দৈনিক ৭/৮ ঘণ্টাকৈ ঘৰত অধ্যয়ন কৰা বুলি কৈ সম্প্ৰতি উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী চিকিৎসক হৈ মানৱ সেৱা কৰাৰ ইচ্ছা থকা বুলিও এই সাংবাদিকৰ আগত কয়।

প্ৰেৰক ভূষণ তালুকদাৰ 

You might also like