ৰঙিয়াৰ মধ্য পাণ্ডুৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
- প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২৪ মে’ :– ৰঙিয়াৰ মধ্যপাণ্ডুৰী গাঁও পঞ্চায়তত আজি আবেলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেলেংকাৰিক লৈ একাংশ ৰাইজে ক্ষোভ প্ৰকাশ কৰে । এগৰাকী মহিলাৰ নামত অহা চৰকাৰী ঘৰৰ ধন তেওঁৰ অজ্ঞাতে মোকলাই নিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে । আনকি মৃত মানুহৰ নামটো ঘৰ আবণ্টন দিয়াৰ অভিযোগত প্ৰকাশ । ইয়াৰ উপৰিও অন্য পঞ্চায়তৰ লোকৰ নামটো মধ্যপাণ্ডুৰী পঞ্চায়তে চৰকাৰী গৃহ আৱন্টন দিয়াৰ অভিযোগ কৰে । পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ঘটনা সন্দৰ্ভত পঞ্চায়ত কৰ্তৃপক্ষৰ ওপৰত তদন্তৰ দাবী জনাই ক্ষুব্ধ ৰাইজে । লগতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মৰৰ হস্তক্ষেপ কামনা কৰিছে ছাত্ৰ সন্থাই ।
ফাৰুক হুছেইন , ৰঙিয়া ।