নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধানবনা কলৰ স্বত্বাধিকাৰীসকলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৪ মে’: খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু ৰাজ্যৰ ধানবনা কলৰ স্বত্বাধিকাৰী সকলৰ  আজি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত মত-বিনিময় বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ বৈঠকত ২০২৩ চনৰ ৰ জুলাইৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিতৰণ কৰিবলগীয়া চাউলত ফৰ্টিফাইড ৰাইচ্‌ কাৰ্ণেল  [বিভিন্ন পুষ্টিদায়ক উপাদান] উপলব্ধ কৰাৰ বিষয়টো আলোচনা কৰা হয়৷ এই সন্দৰ্ভত অন্যান্য বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়৷ ধানবনা কলৰ স্বত্বাধিকাৰী সকলৰ লগতে ধান খেতিয়কসকলো উপকৃত হোৱাৰ সম্ভাৱনা থকা এই কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি অহা ৰ জুলাইৰ পৰা চৰকাৰী সংস্থাসমূহে ক্ৰয় কৰিবলগীয়া চাউলত ফৰ্টিফাইড ৰাইচ্‌ কাৰ্ণেল থকাটো নিশ্চিত কৰিব বিচাৰিছে৷ অসম চৰকাৰে ধানবনা কলৰ স্বত্বাধিকাৰীসকলে ফৰ্টিফাইড ৰাইচ্‌ কাৰ্ণেল ব্লেণ্ডাৰ স্থাপনৰ বাবে সৰ্বোচ্ছ ২ লাখ টকালৈকে ৰাজসাহায্য প্ৰদানৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে৷
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে ধানবনা কলৰ স্বত্বাধিকাৰী সকলক ৰাজসাহায্য প্ৰদানৰ বাবে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণ হোৱাতো নিশ্চিত কৰিছে৷ তেওঁ লগতে কয় যে এই সন্দৰ্ভত অসুবিধা থাকিলে ৰাজ্য চৰকাৰে অতিশীঘ্ৰে সমাধান কৰিব৷ ৰাজ্য চৰকাৰে এতিয়ালৈকে মুঠ জ্ঝ কোটি টকাৰ ৰাজসাহায্য মুকলি কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত ইতিমধ্যে ৩০০ টাতকৈও অধিক ধানবনা কলে ব্লেণ্ডাৰ স্থাপন কৰিছে৷ তেওঁ আশা প্ৰকাশ কৰে যে বাকী থকা সকলেও অতি সোনকালে এই কাম কৰিব৷ ব্লেণ্ডাৰ মেচিন স্থাপন নকৰা ধানবনা কলৰ স্বত্বাধিকাৰীসকলক আহ৩ান জনাই কয় যে অহা ৰ জুলাইৰ সময় সীমা অতিক্ৰম হোৱাৰ  পিছৰ পৰা কোনো চৰকাৰী ধান ক্ৰয় সংস্থাই ফৰ্টিফাইড ৰাইচ্‌ কাৰ্ণেল  নথকা ধান ক্ৰয় নকৰে৷
আজিৰ এই বৈঠকত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ ৰাজেন গোঁহাই প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like