পানীৰ অভাৱত মাকুমৰ ঐতিহ্যমণ্ডিত নাহৰ ভৱন !
নিয়মীয়া বাৰ্তা , ২৪ মে: তিনিচুকীয়া জিলাৰ মাকুম এক ঐতিহ্যমণ্ডিত স্হান। ৩৭ আৰু ৩৮নং ৰাষ্ট্ৰীয় পথৰ সঙ্গম ক্ষেত্ৰ এই মাকুমেই। ১৯৬২ চনৰ চীনা যুদ্ধৰ সাক্ষী ৰূপেও এই মাকুম পৰিগণিত হৈছে । বন বিভাগৰ অসমৰ একমাত্ৰ বনৰক্ষী আৰু মৃগৰক্ষীৰ প্ৰশিক্ষণ বিদ্যালয়খনো মাকুমতেই আছে। বন বিভাগৰ গৌৰৱোজ্জ্বল উদ্যোগ কাঠ ফলা, শুকোৱা আৰু পৰিশোধন প্ৰতিষ্ঠানটি এই মাকুমতেই আছে। এই প্ৰতিষ্ঠানটিৰ পৰাই বহু ঠাইলৈ কাঠ বিক্ৰী কৰা হয়। কাঠৰ যোগান চৰকাৰীভাবে দিব পৰা মুখ্য উদ্যোগটিয়েই হৈছে মাকুমৰ টি টি এণ্ড এচ প্লেণ্ট। এই প্লেণ্টৰ অধীনত আছে মাকুমৰ নাহৰ ভৱন। এই নাহৰ ভৱনতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে আদি কৰি মন্ত্ৰী, বিধায়ক আদিয়ে ক্ষন্তেক জিৰণি লয়হি। অসমৰ বহু গৰাকী শিল্পী সাহিত্যিকৰ আগমনেও এই বন বিভাগৰ পৰিদৰ্শক বঙলাটি নাহৰ ভৱন জীপাল কৰিছে। বন বিভাগৰ অধীনত থকা এই পৰিদৰ্শক বঙলাটিতেই বহু বছৰৰ আগেয়ে বৃটিছ বিষয়া সকলেও আহি পদাৰ্পন কৰাৰ কথা জানিব পৰা গৈছে। এসময়ত নাহৰ কাঠৰ প্ৰকাণ্ড খুটাবোৰৰ দ্বাৰাই এই ভবন নিৰ্মাণ কৰা হৈছিল । পূৰ্বৰ লক্ষীমপুৰ জিলাৰ অধীনত থাকোতেই চৰকাৰী বিষয়া সকলে পৰিদৰ্শন কালত এই নাহৰ ভবনত জিৰণি লৈছিল অথবা এৰাতি থাকি গৈছিল । স্হানীয় ৰাইজৰ বহু কামো এই নাহৰ ভৱনতেই হৈছিল । অতি সুন্দৰ কৈ পূবৰ্তে বনমন্ত্ৰীয়ে পুণৰ নিৰ্মাণ কৰি যোৱা এই মাকুমৰ নাহৰ ভৱনটি আজি কেইবামাহো ধৰি পানী যোগান ব্যৱস্থা বিকল হৈ পৰিছে । ইয়াৰ ফলত নাহৰ ভৱনটি এক প্ৰকাৰ বন্ধ হৈ পৰিছে । বন বিভাগৰ বিষয়া গৰাকীয়ে সংশ্লিষ্ট কতৃপক্ষক প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য্যৰ বাবে আবেদন জনাইছে যদিও পানী যোগান এতিয়াও হোৱা দেখা নাই। এই ক্ষেত্ৰত মাকুমৰ বন বিভাগৰ ঐতিহ্যমণ্ডিত নাহৰ ভৱনটি জীপাল কৰি ৰাখিবলৈ বন বিভাগৰ প্ৰতি ৰাইজে আহ্বান জনাইছে ।
অখিল চন্দ্ৰ বৰুৱা, মাকুম