নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই শতাধিক সন্দেহযুক্ত বাংলাদেশীৰ বাসগৃহ উচ্ছেদ

জামুগুৰিহাটৰ চৰচাপৰিত প্ৰশাসনৰ অভিযান

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলৰ চৰ-চাপৰিৰ চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰি বসতি স্থাপন কৰা দুই শতাধিক সন্দেহযুক্ত বাংলাদেশী পৰিয়ালৰ বাসগৃহত সোমবাৰে উচ্ছেদ অভিযান চলায় জিলা প্রশাসনে ৷ শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতুৰ নেতৃত্বত যোৱা প্রশাসনৰ লোকে দিনৰ ১১ বজাৰ পৰা চৰ–চাপৰি অঞ্চলত এই অভিযান চলায় ৷ ছয় শতাধিক আৰক্ষী আৰু অর্ধসামৰিক বাহিনীক লগত লৈ চলোৱা এই উচ্ছেদ অভিযানত ৪খনকৈ জে চি বি আৰু ৭খনকৈ ড্রেক্টৰো ব্যৱহাৰ কৰা হয়৷ প্রথমেই মকুৱা চাপৰিত অভিযানকাৰী দলে শতাধিক ঘৰ উচ্ছেদ কৰাৰ পাছত চিৰুৱানী আৰু বিহিয়া চাপৰিত এই অভিযান চলায় ৷ অৱশ্যে অভিযানৰ আগতীয়া উমান পাই একাংশ বেদখলকাৰী পুৱাৰ ভাগতেই নিজৰ নিজৰ বাসগৃহ এৰি আচবাবসমূহ লৈ সেই স্থান ত্যাগ কৰে যদিও আন একাংশ লোক সেই স্থানতে খোপনি পুতি থকাত প্রশাসনৰ লোকে জে চি বিৰ সহায়ত সেইসকল অবৈধ বেদখলকাৰীৰ বাসগৃহ উচ্ছেদ কৰে ৷ জামুগুৰিহাটৰ চৰ–চাপৰি অঞ্চলৰ লালেটাপু, গটাইমাৰী, ভৰলী চাপৰি, ননকে গটাইমাৰীকে ধৰি কেইবাটাও স্থানত চৰকাৰী মাটি বেদখল কৰি থকা পাঁচশ পৰিয়ালক যোৱা ৬ ডিচেম্বৰত শোণিতপুৰ জিলা উপায়ুক্তৰ উপস্থিতিত প্রশাসনৰ লোকে উচ্ছেদ চলোৱাৰ পাছত উচ্ছেদিত লোকসকলৰ একাংশই সেই স্থান ত্যাগ পৰাৰ বিপৰীতে আন একাংশই সেই অঞ্চলৰ মকুৱা চাপৰি, চিৰুৱানী আৰু বিহিয়া চাপৰিত জুপুৰিসদৃশ বাসগৃহ সাজি পুনৰ বেদখল কৰিবলৈ লৈছিল৷ এই বেদখলকাৰীসকলক জিলা প্রশাসনৰ ফালৰ পৰা বাৰম্বাৰ সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়া হৈছিল যদিও বেদখলকাৰীসকলে প্রশাসনৰ নির্দেশক ভেঙুচালি কৰাৰ ফলতে আজি পুনৰ দ্বিতীয়বাৰৰ বাবে এই উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় শোণিতপুৰ জিলা প্রশাসন৷ মন কৰিবলগীযা যে চতিয়া সমষ্টিৰ অন্তর্গত চৰাঞ্চলৰ চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰা এই লোকসকলক এক ইঞ্চি মাটিও এৰি নিদিওঁ বুলি কোৱাৰ উপৰি সমষ্টিত কোনো কাৰণতেই থাকিবলৈ দিয়া নহ’ব বুলি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হুংকাৰ দিছিল৷ আনহাতে, দ্বিতীয়বাৰৰ বাবে উচ্ছেদ চলোৱাৰ পাছত পুনৰ যদি চৰ–চাপৰিৰ চৰকাৰী ভূমিত এইসকল বেদখলকাৰী লোকে পুনৰবাৰ বেদখল কৰাৰ চেষ্টা চলায়, তেন্তে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে শোণিতপুৰ জিলা প্রশাসনে ৷

You might also like