নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাটি জালভাৰীৰ অংকুৰিত সোণালী কৃষ্টি বিকাশ কেন্দ্ৰৰ অধিৱেশনৰ ক্ৰীড়া প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাটি জালভাৰী গাঁৱৰ অংকুৰিত সোণালী কৃষ্টি বিকাশ কেন্দ্ৰৰ বাৰ্ষিক অধিৱেশন আৰু সদৌ অসম ভিত্তিত আধুনিক ন্‌ত্য প্ৰতিযোগিতাখন  ৩ জুনৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ প্ৰস্তুতি সম্পন্ন কৰি আজিৰ পৰা অনুষ্ঠিত কৰিছে ক্ৰীড়া প্ৰতিযোগিতাসমূহ ৷ গাঁওখনৰ নৱপ্ৰজন্মৰ ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক আদিৰ ক্ষেত্ৰত পাৰদৰ্শী আৰু প্ৰতিভাধৰসকলক বাছি উলিয়াই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত আৰু চিনাকি কৰাই দিয়াৰ মহৎ উদ্দেশ্য আগত ৰাখি ভাটি জালভাৰী গাঁৱৰ গাঁও উন্নয়ন সমিতি আৰু গাঁওবাসীৰ সহযোগত অনুষ্ঠিত কৰি অহা বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজিৰে পৰাই অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে নিয়মীয়া বাৰ্তা কাকতৰ সংবাদকৰ্মী ৰাজেশ বুঢ়াগোহাঞিয়ে ৷ ভাটি জালভাৰী গাঁৱৰ অংকুৰিত সোণালী ক্‌ষ্টি বিকাশ কেন্দ্ৰৰ ক্ৰীড়া সম্পাদক মুনমুন চুতীয়াই শিখা প্ৰজ্বালন কৰাৰ পিছতে অনুস্থিত হোৱা আৰু ৬ দিন ধৰি চলিব লগা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰে আৰম্ভ হোৱা বাৰ্ষিক অধিৱেশন কাৰ্যসূচীৰ মতে ৩ জুনৰ পুৱা সামুহিক চাফাই, গছপুলি ৰোপণ, পতাকা উত্তোলন আদিৰ অন্তত সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব ৷ দ্বিতীয় দিনা পুৱা পৰিবেশ নিকাকৰণ, চূড়ান্ত প্ৰতিযোগিতা, সম্বৰ্ধনা, মুকলি সভা আদিৰ অন্তত সদৌ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি দুয়োটা দিনৰ সমূহ কাৰ্যসূচী সামৰণি মাৰিব। দুয়োটা দিনৰ সমূহ কাৰ্যসূচীতে সকলো শ্ৰেণীৰ লোকৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ভাটি জালভাৰী গাঁৱৰ গাঁও উন্নয়ন সমিতি আৰু অংকুৰিত সোণালী ক্‌ষ্টি বিকাশ কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ লগতে গাঁওবাসীয়ে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like