মানুহগৰাকীৰ বয়স প্রায় ৯০ বছৰ৷ এতিয়া বিছনাখনেই তেওঁৰ সাৰথি, আশ্রয়স্থলী৷ আনৰ সহায় নহ’লে তেওঁ বিছনাতে উঠি বহিবকে নোবাৰে৷ নোৱাৰে একোকেই কৰিব৷ মুখত কিন্তু সেই চিৰপৰিচিত ধুনীয়া হঁাহিটো আৰু চকুত সেই মৰমলগা চাৱনিটো, আজিও সজীৱ হৈ আছে৷ আজি কিছুদিনৰ পৰা মানুহগৰাকীৰ ওচৰলৈ যিয়ে যায়, তাকে বাৰে বাৰে সোধে– ‘ই ক’ত গ’ল? বহুত দিন তাক দেখা নাই৷ নাই নেকি ঘৰত?’ নাতিনীয়েক ৰং তেওঁৰ কাষলৈ গৈ গালে–মুখে হাত ফুৰাই দিলে সোধে– ‘দেউতাৰা ঘৰলৈ অহা নাই নেকি?’ নাতিনী ৰঙে উত্তৰ দিয়ে – ‘বাহিৰলৈ গৈছে অলপ৷ আহিব সোনকালে৷ তুমি শুই থাকাচোন৷’ বিছনাখনকে শেষ আশ্রয় কৰি, এনেদৰে বাৰে বাৰে সুধি থকা মানুহগৰাকী হৈছে গণশিল্পী দিলীপ শর্মাৰ সুযোগ্য পত্নী সুদক্ষিণা শর্মা৷ আৰু যাৰ বিষয়ে বাইদেৱে বাৰে বাৰে সুধি গৈছে তেওঁ হৈছে বাইদেউৰ কনিষ্ঠ পুত্র ঋষিৰাজ শর্মা৷ অন্ধৰ লাখুটিৰ দৰে যিয়ে মাকক সংগ দি আহিছিল বহু দিন বহু বছৰ৷ সেই লাখুটি অকালতে হেৰুৱাই মাতৃ আজি হৈ পৰিছে বাকৰূদ্ধ অসহায়, অবর্ণনীয়৷
১৯৩৪ চনৰ ৮ আগষ্টত গুৱাহাটীৰ ভৰলুমুখত কুইন হাজৰিকা ওৰফে নিৰুপমা হাজৰিকা ওৰফে সুদক্ষিণা শর্মাৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্রিয়া হাজৰিকা৷ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি নীলকান্ত হাজৰিকাৰ দহোটা সন্তানৰ ভিতৰৰে নিৰুপমা হাজৰিকা (সুদক্ষিণা শর্মা) অছিল চাৰি নম্বৰ সন্তান৷ এটি সংস্কৃতিৱান পৰিয়ালত জন্মলাভ কৰা নিৰুপমা হাজৰিকাই সৰুৰে পৰাই ঘৰত সংগীত চর্চাৰ পৰিৱেশ লাভ কৰিছিল৷ তাৰ মাজতে ডাঙৰ দীঘল হ’বলৈ লৈছিল৷ সমস্বৰে সকলোটিয়ে গীত গোৱা দেখিছিল৷ মোমায়েক অনাথবন্ধুৱে ছেক্স’ফ’ন বজাইছিল৷ মাজু মাহীয়েক ভৱপ্রিয়াই তেওঁলোকক গীত গাবলৈ শিকাইছিল৷ মাক শান্তিপ্রিয়ায়ো গীত গাব জানিছিল৷ দেউতাকৰ চাকৰি সূত্রে, ১৯৩৯ চনত তেজপুৰ মজলীয়া প্রাথমিক বিদ্যালয়ত নিৰুপমা ওৰফে সুদক্ষিণাৰ শিক্ষাৰম্ভ হৈছিল৷ পাছত তেওঁ পাণবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়া–শুনা কৰিছিল৷ মানৱতাৰ জয়গান গোৱা অসমৰ সুযোগ্য সন্তান সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আছিল তেওঁৰ প্রাণৰ ককাইদেউ৷ সুধাকণ্ঠৰ স’তে কণ্ঠদান কৰা এটি কালজয়ী গীত আছিল– ‘মহাত্মাই হঁাসি বোলে৷ ৰাম অ’ ৰহিম৷ বান্ধ ৰাম ৰহিম৷ একেলগে একে সন্দ্বে বান্ধৱ পাতিম৷ হায় হায় ৰাম অ’ ৰহিম৷ মহাত্মাই হঁাসি বোলে৷ কৃষ্ণ কৰিম বান্ধ শিৱ ইব্রাহিম৷ দুয়ো একেজন হৰি কাকনো দুষিম৷ হায় হায় ৰাম অ’ ৰহিম’…৷ গীতটোক দুয়ো ভাই–ভনীৰ অনবৈদ্য কণ্ঠ আৰু সুধাকণ্ঠৰ সুৰে অনন্য মাত্রা প্রদান কৰিছিল৷ গীতটো ১৯৪৩ চনত গ্রাম’ফোন যোগে বাণীবদ্ধ কৰা হৈছিল আৰু কলকাতা অনাতাঁৰ কেন্দ্র যোগে পৰিৱেশন কৰা হৈছিল৷ স্মর্তব্য মানুহৰ জয়গান গোৱা গীতৰ কলিত ড০ হাজৰিকাৰ কণ্ঠৰ স’তে সুদক্ষিণা শর্মাৰ কণ্ঠই এক অনন্য মাত্রা বহন কৰিছিল৷ যি গীতৰ কলিৰ ৰাগি অহৰহ বাজি থাকে সংগীতাসক্ত শ্রোতাৰ মন–মগজুত৷ তাহানিও, আজিও৷ এক হূদয় জুৰোৱা গান৷ এটি হূদয় জুৰুৱা সুৰ৷ সেই সুৰত মূর্তমান হয় জাতি, ধর্ম, বর্ণ নির্বিশেষে মানৱতাৰ জয়গান ৷ – ‘মহাত্মাই হঁাসি বোলে – গীতাক শুনিম বান্ধ, বেদকে শুনিম৷ শুনি পিছে কোৰানৰ আয়তক বুজিম৷ হায় হায় ৰাম অ’ ৰহিম৷ মহাত্মাই হঁাসি বোলে৷ মন্দিৰে পূজিম বান্ধ দেৱকে পূজিম৷ পূজি উঠি মছজিদৰ ভেটি নাভাঙিম৷ হায় হায় ৰাম অ’ ৰহি’
প্রণিধানযোগ্য যে ১৯৪২ চনত দহ বছৰ বয়সতে সুদক্ষিণা শর্মাই কমল নাৰায়ণ চৌধুৰীৰ স’তে দ্বৈতকণ্ঠত বিষ্ণুপ্রসাদ ৰাভাৰ দুটি গীত চেনেলা কোম্পানীত বাণীবদ্ধ কৰিছিল৷ তাৰ ভিতৰৰে এটা আছিল ‘নাহৰ ফুলে নুশুৱায়৷ তগৰ ফুলে শুৱাব…৷’ আন এটি আছিল – ‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে…৷ ’ সেই বছৰতে দেউতাক নীলকান্ত হাজৰিকাৰ – ‘অ’ মইনা কেতিয়া আহিলি তই….’ আৰু আনন্দিৰাম দাসৰ – ‘দূৰণিৰ সৌ ৰিণি ৰিণি সৰু গাঁওখনি…’ গীত দুটিও চেনেলা কোম্পানীত একক কণ্ঠত বাণীবদ্ধ কৰে৷ পঞ্চাশৰ দশকত সুধাকণ্ঠৰ স’তে লগ লাগি আন কেইবাটিও গীতত কণ্ঠদানেৰে বাণীবদ্ধ কৰে৷ তাৰ ভিতৰত– ‘আলফুলীয়া কুমলীয়া চেনেহৰ অকণি বীৰ…’, ‘এন্ধাৰ কাতিৰ নিশাতে এখনি নৈৰ পাৰতে…’ আদি৷ উল্লেখ্য গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী অনাতাঁৰ কেন্দ্র তথা গুৱাহাটী বৰঝাৰ বিমানবন্দৰ উদ্বোধনী অনুষ্ঠানতো তেওঁ গীত পৰিৱেশন কৰিছিল৷ ১৯৬৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবর্ষৰ সময়তো সুদক্ষিণা শর্মাই দিলীপ শর্মা, ড০ ভূপেন হাজৰিকা আৰু অন্যান্য অনেক শিল্পীৰ স’তে অকাশবাণী গুৱাহাটী কেন্দ্রযোগে সাহিত্যৰথীৰ গীতসমূহ পৰিৱেশন কৰিছিল৷ ফলস্বৰূপে বেজবৰুৱাৰ আপুৰুগীয়া গীতসমূহৰ সংৰক্ষণ, সংবর্ধনৰ লগতে বহুলভাৱে প্রচাৰত সহায়ক হৈছিল৷ ২০০২ চনত জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম শতবর্ষত সুদক্ষিণা শর্মা আৰু দিলীপ শর্মাক যুগ্মভাৱে প্রদান কৰা হয় সংগীত নাটক একাডেমী পুৰস্কাৰ৷ স্মর্তব্য জ্যোতি সংগীত, ৰবীন্দ্র সংগীত আৰু বিষ্ণুপ্রসাদ ৰাভাৰ সংগীত চর্চাৰে এক বিশেষ খ্যাতি লভিবলৈ সক্ষম হৈছিল সুদক্ষিণা শর্মা আৰু তেওঁৰ স্বামী দিলীপ শর্মাই৷ এই দুগৰাকী স্বনামধন্য শিল্পী, দুয়োগৰাকী (পতি–পত্নী)ৰ সুমধুৰ কণ্ঠই সেই সময়ত, সেই গীতবোৰক এক অনন্য মাত্রা প্রদান কৰিছিল৷ পৰিস্থিতি এনেকুৱা হৈছিলগৈ যে জ্যোতি–বিষ্ণুৰ গীতত যেন দিলীপ শর্মা আৰু সুদক্ষিণা শর্মাৰ কণ্ঠহে বিশেষ মাত্রা দিয়ে দিব পাৰে ফলত অসমৰ সংগীতানুৰাগীসবে দুয়োগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত আজিও ৰেডি’ বা টিভিত স্মৃতিচাৰণার্থে জ্যোতি–বিষ্ণুৰ সুমধুৰ গীত শুনিবলৈ উদগ্রীৱ হৈ থাকে৷ সুদক্ষিণা শর্মাই ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘পাৰঘাট’, ‘অবুজ বেদনা’, ‘হেঁপাহ’ আদি চলচ্চিত্রত ক্রমে সংগ্রাম লগ্ণে আজি, তপ্ত শিখাৰে, হৰি নাচে কৃষ্ণ, অ’ কি ৰূপে পেখলো গীতত কণ্ঠদান কৰিছিল৷ বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহুনামতো সুদক্ষিণাৰ ব্যুৎপত্তি আছিল৷ লীলা গগৈৰ দিখৌ নৈৰ পাৰতে, গণেশ গগৈৰ আজি মধু নিশা, হেমেন হাজৰিকাৰ চিৰি পাতি মংগলখন চাওঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ পুৰি গ’ল বৃন্দাবন, তিলকা হেনো, এ হে বিৰিন্দাবনতে জ্যোতিপ্রসাদৰ ‘আগাবাৰীত ফুলিলে সোণে মোৰ চম্পা’ আদি গীত সুদক্ষিণা শর্মাৰ কণ্ঠত বাণীবদ্ধ হৈছে৷ তদুপৰি নৱকান্ত বৰুৱা, পুৰুষোত্তম দাস, নীলকান্ত হাজৰিকা আৰু দিলীপ শর্মাৰ বহুকেইটা গীতো তেওঁ গ্রামফোন ৰেকর্ডত গাইছে৷ বাণীবদ্ধ কৰিছে৷
মন কৰিবলগীয়া যে সুদক্ষিণা শর্মাই জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, ফণী শর্মা আদি বৰেণ্য শিল্পীসকলৰ নিবিড সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল কলকাতাত৷ সেই সময়তে ভাৰতীয় গণনাট্য সংঘৰ স’তে তেওঁ একাত্ম হৈ পৰিছিল৷ ফলস্বৰূপে গণশিল্পী হেমাংগ বিশ্বাস, দিলীপ শর্মাকে ধৰি অনেক প্রখ্যাত শিল্পীৰ সংস্পর্শলৈ আহে৷ ১৯৫৪ চনৰ ১২ আগষ্টত গণশিল্পী, সুৰকাৰ আৰু গীতিকাৰ দিলীপ শর্মাৰ সৈতে সুদক্ষিণাৰ বিবাহ হৈছিল৷ স্মর্তব্য সুদক্ষিণা শর্মাৰ দাম্পত্য জীৱনৰ পূর্বে নাম আছিল কুইন হাজৰিকা আৰু নিৰুপমা হাজৰিকা৷ দাম্পত্য জীৱন আৰম্ভ হোৱাৰ পিছতে সংগীত শিল্পী দিলীপ শর্মা আৰু সুদক্ষিণা শর্মাই কলকাতাৰ পৰা আহি গুৱাহাটীত স্থায়ী হিচাপে থাকিবলৈ লয় আৰু সংগীত সাধনাত ব্রতী হৈ পৰে৷ লগে লগে দিলীপ শর্মা আৰু সুদক্ষিণা শর্মাই দ্বৈতভাৱে গোৱা গীতসমূহ সংগীতানুৰাগীৰ মাজত বেছ জনপ্রিয় হৈ পৰে৷ সেই গীতবোৰে আজিও এক অনন্য মাত্রা বহন কৰে৷ সেই গীতবোৰৰ ভিতৰত আছে – ‘ময়ো বনে যাওঁ স্বামী অ’, ‘ৰাতি পুৱাইল’ৰে…’, ‘তামোলৰ বাগিচা…’, ‘ধনপুৰ অ’ মনপুৰ অ’, ‘অ’ আইকণ তোৰ ঘৰ ইপাৰত’ আদি৷ উল্লেখ্য ১৯৪৬ চনত জাতিৰ পিতা মহাত্মা গান্ধী অসমলৈ আহোতে এ জয় ৰঘুনন্দন..’ ভজনটো গায় গান্ধীজীৰ আশিস লাভ কৰিবলৈ সক্ষম হৈছিল৷
সুদক্ষিণা শর্মা আৰু দিলীপ শর্মাৰ তিনি সন্তান ক্রমে– ঋতুপর্ণ শর্মা, ঋষিৰাজ শর্মা, ঋজুশ্রী শর্মা৷ সুদক্ষিণা শর্মাৰ শহুৰ আৱাহন আলোচনীৰ সম্পাদক দীননাথ শর্মা এগৰাকী সাহিত্যিক আৰু শাহু ৰেণু দেৱীও আছিল এগৰাকী সমাজসেৱিকা৷ ডাঃ দীননাথ শর্মাৰ সুযোগ্য সন্তান আছিল দিলীপ শর্মা৷ দিলীপ শর্মা আৰু সুদক্ষিণা শর্মাই দাম্পত্য জীৱন আৰম্ভ কৰাৰ পিছৰে পৰা দেশে– বিদেশে অলেখ গীত পৰিৱেশন কৰি অসমৰ সমাজ জীৱনলৈ প্রভূত গৌৰৱ কঢ়িয়াই আনিছে৷ অসমৰ সংগীত ক্ষেত্রখনত সুদক্ষিণা শর্মা, দিলীপ শর্মাৰ অৱদান অপৰিসীম৷ অবিস্মৰণীয়৷ ২০০৪ চনৰ ৭ অক্টোবৰত স্বামীৰ মৃত্যুৰ পিছতো এইগৰাকী মহান শিল্পী সুদক্ষিণা বাইদেৱে সংগীত চর্চা এৰি দিয়া নাছিল৷ স্বামীৰ মৃত্যুৰ পিছত পুত্র ঋষিৰ স’তে তেওঁ গাই গৈছিল ইটোৰ পিছত সিটো সমধুৰ গীত৷ দুখৰ বিষয় স্বামী আৰু বৰপুত্র ঋতুপর্ণ শর্মাৰ অকালতে বিয়োগৰ পিছত কনিষ্ঠ পুত্র ঋষিৰাজক আশ্রয় কৰি, সকলো শোক–সন্তাপ পাহৰি জীৱন জীয়াইছিল সুদক্ষিণা বাইদেৱে৷ মৰমৰ পুত্র ঋষিৰ লগত ইটোৰ পিছত সিটো সংগীত চর্চা অব্যাহত ৰাখিছিল কেইবা বছৰ ধৰি৷ দুখৰ বিষয় অলপতে (৭ মে’) কনিষ্ঠ পুত্র ঋষিকো হেৰুৱাব লগাত পৰে৷ ফলত তেনেই অসহায়, অকলশৰীয়া হৈ পৰে আমাৰ সকলোৰে শ্রদ্ধাৰ, মৰমৰ শিল্পীগৰাকী৷ বর্তমানেও সুদক্ষিণা বাইদেউ ৰোগশয্যাত৷ হেৰুৱাই পেলাইছে স্মৃতিশক্তি৷ আমি ভাবোঁ সুদক্ষিণা শর্মাৰ দৰে প্রজ্ঞা আৰু সংগীতৰ সাধনাৰে অসমীয়া জাতিক অনন্য মাত্রা প্রদান কৰা পুৰোধা ব্যক্তিগৰাকীৰ প্রতি ৰজাঘৰ, প্রজাঘৰ সকলোৰে আছে অসীম দায়িত্ব৷ সেয়া আমাৰ সমূহীয়া কর্তব্য৷ চৰকাৰৰ লগতে জাতীয় জীৱনৰ স’তে সংপৃক্ত সকলো সংগঠন তথা ব্যক্তিয়ে বাইদেউৰ এনুৱা দুঃসময়ত, জীৱনৰ বিয়লি বেলাত সহায়ৰ হাত আগবঢ়োৱা উচিত এটা সংস্কৃতিৱান, ঐশ্বর্যশালী জাতিৰ বাবে গৌৰৱৰ কথা৷ অন্ততঃ বহু ধুমুহাই জোকাৰি যোৱা এইগৰাকী বিশিষ্ট শিল্পীৰ যতন ল’বলৈ নিয়োগ কৰি থোৱা পৰিচর্যাকাৰীৰ লগতে চিকিৎসক, ঔষধৰ দায়িত্ব ল’বলৈ চৰকাৰৰ হৈ মুখ্যমন্ত্রীক অনুৰোধ জনালোঁ৷ আমি আশা কৰিম– সুদক্ষিণা বাইদেউ শীঘ্রে সুস্থ হৈ উঠক তেওঁৰ স্মৃতি, বিস্মৃতিৰ কোলাত শুই নপৰক লাভ কৰক সুস্বাস্থ্য আৰু সুদীর্ঘ জীৱন৷ শতায়ু গৰকি গীত–মাতে জগত সভাত, অসমীয়া কলা–সংস্কৃতিৰ পথাৰত মাইলৰ খুঁটি হিচাপে চিহ্ণিত হৈ ৰওক সুদক্ষিণা শর্মা৷ সেয়াই প্রার্থনা আমাৰ৷
প্রফুল্ল কলিতা
ড০ লতিকা ডেকা